ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন 

jug

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: ২১ জুন: 


দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিহাট ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আজি পুৱাৰ ভাগতে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । বিদ্যালয়খনৰ এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰি আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানটোত বিদ্যালয়ৰ শিক্ষক ৰাজেন শৰ্মাৰ পৰিচালনা আৰু সহযোগত কৰুণা হাজৰিকা আৰু জয়ন্ত বৰাই যোগৰ উপকাৰিতাৰ ওপৰত বিষদভাৱে ব্যাখ্যা দাঙি ধৰে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলকৰ সহযোগত  অনুষ্ঠানতো সুচাৰুৰূপে সম্পন্ন হয়।jog

ইয়াৰ উপৰি পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাঙ্গনতো আন্ত:ৰাষ্ট্ৰীয় য়োগ দিৱস উদযাপন কৰা হয়। পিছপৰা অঞ্চলসমুহত য়োগ শিবিৰ আয়োজন কৰি সকলোকে "য়োগ"ৰ উপকাৰীতা সম্পৰ্কে সজাগ কৰি তুলিব লাগে বুলিও যোগ কাৰ্য্যসূচীটোত চৰ্চ্চা চলোৱা হয়।

Your Comments