ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড় চিকাৰী আটক, ৩.৩ ৰাইফল সহ ১১জাই গুলী জব্দ

orang

দলগাৱঁৰ প্রতিবেদক :

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতি বাৰে নিশা আটক হয় এটা দুৰ্ধৰ্ষ গঁড় চিকাৰী৷ উদ্যান খনৰ সমীপৱৰ্তী বগৰিবাৰী চৰত দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা এক অভিযানত শ্যামপুৰ থানাৰ আৰক্ষীয়ে এটা ৩•৩ ৰাইফল, ১১ জাঁই গুলী সহ আটক কৰে সুৰেশ হেমৰন নামৰ গঁড় চিকাৰীটোক৷

orang2জানিব পৰা মতে গঁড় চিকাৰীটোৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ ৰানীপুখুৰী গাঁৱত৷ নিশা বগৰিবাৰী চৰৰ মাজেৰে উদ্যানখনত দুটা চোৰাং চিকাৰী প্ৰৱেশ কৰাৰ শ্রেষ্ঠা কাৰোতেই আৰক্ষীয়ে এটাক আটক কৰে যদিও আন এটা পলাই সাৰিবলৈ সক্ষম হয়।

Your Comments