ক্ষমতাত কাৰোবাৰ লগত থাকিলেও জাতীয়তাবাদৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব- অগপ নেতা মনোজ শইকীয়া

manoj saikia

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন :

বিষ্ণু প্ৰসাদ ৰাভা জনজাতীয় লোক  আছিল যদিও তেওঁৰ সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অবদান বহুত,জাতিৰ হকে যথেষ্ট কাম কৰি গৈছিল। অগপৰ ভাতৃ সংগঠন  অসম যুৱ পৰিষদৰ নলবাৰী জিলা সমিতিৰ  উদ্যোগত আৰু নলবাৰী সমষ্টি সমিতিৰ সহযোগত বৃহস্পতিবাৰে নলবাৰী জিলাৰ বাহঁজানীৰ  অময়াপুৰৰ ড্ৰীমলেণ্ড বিবাহ ভৱনত  অনুষ্ঠিত ৰাভা দিৱসৰ মুকলি সভা আৰু সম্বৰ্ধনা  অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে অগপ নেতা তথা অসম হাঁহ, কুকুৰা তথা পশুধন  উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই । ভাষন প্ৰসংগত শইকীয়া কয় যে ক্ষমতাত কাৰোবাৰ লগত থাকিলেও জাতীয়তাবাদৰ ক্ষেত্ৰত কাৰো লগত আপোচ কৰা নহ'ব। ইফালে আক্ষেপেৰে মনোজ শইকীয়া পুনৰ কয়  আমি অসমত থাকিও বাটে -পথে ৰিস্কাৱালা ঠেলাৱালা আন আন অনাঅসমীয়া ব্যৱসায়ী বা আন মানুহৰ লগত হিন্দীতে কথা পাতো। আমি এই অভ্যাসৰ পৰিবৰ্তন কৰিব লাগিব। জাতীয়তাবাদ নিম্ন স্তৰৰ পৰাই সুদৃঢ় কৰি আনিব লাগিব বুলিও তেওঁ দোহাৰে । বিদ্যালয়ৰ পাঠ্যপুথিত বিষ্ণু ৰাভাৰ জীৱন আৰু কীৰ্তি সংলগ্ন কৰিবলৈও  যুৱপৰিষদৰ কেন্দ্ৰীয় সমিতিক মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উথ্যাপন কৰিবলৈ তেওঁ আহ্বান জনায়।আমি ২০ জুনৰ দিনাখন ৰাভা দিৱস পাতিলে নহয়,আমি কিমান জনে ৰাভা সংগীত শুনো,লৰা-ছোৱালী সকলক ৰাভা সংগীত শুনাৱলৈও অভ্যাস কৰাব লাগে বুলিও শইকীয়াই দোহাৰে।লগতে তেও লৰা-ছোৱালী সকলক ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰিবৰ্তে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়োৱা উচিত বুলিও মন্তব্য কৰে।সভাত যুৱ পৰিষদৰ  ৰাজ্যিক  উপ -সভাপতি জিতু বুঢ়াগোহাঁইয়ে ভাষণ প্ৰসংগত  কয় যে - বিষ্ণু প্ৰসাদ ৰাভাই ১৯৪৬ চনতে কৈছিল ধনী শ্ৰেণী ধনী হৈ যাব আৰু দুখীয়া সকল সদায়ে দুখীয়া হৈ থাকিব। বৰ্তমান সমাজত সেয়াই হৈ আছে বুলি তেওঁ দোহাৰে । বুঢ়াগোহাঁইয়ে লগতে কয় আজিৰ দিনটোতে আমি এজন মহান মনিষীক হেৰুৱাইছিলো। অনুষ্ঠানটোত উপস্থিত থকা আন এজন যুৱ নেতা যুৱ পৰিষদৰ ৰাজ্যিক  উপ -সভাপতি  তপন দাসে নিজ ভাষণ প্ৰসংগত কয় যে বিষ্ণু প্ৰসাদ ৰাভাই শদিয়াৰ পৰাই ধুবুৰী লৈ জাতিৰ হকে কাম কৰি ফুৰিছিল। 
 শংকৰদেৱ আৰু মাধৱদেৱৰ পিছতে ৰাভাক সমাজে স্থান দিয়া উচিত বুলিও তেওঁ দোহাৰে ।   সভাত যুৱ পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপক ডেকা, গুণমণি ভূঞা, উপদেষ্টা দিলীপ কুমাৰ দাস ,নলবাৰী জিলা  অগপৰ সভাপতি আনন্দ ৰাজবংশী,যুৱ নেতা গকুল মহন্ত,  যুৱ পৰিষদৰ জিলা সভাপতি কনক দাস সহ বহু নেতা -নেত্ৰী উপস্থিত থাকে ।  সভাখন যুৱ পৰিষদৰ ৰাজ্যিক সভাপতি সুনীল ডেকাই সঞ্চালনা কৰে । সভাপতিৰ ভাষণত ডেকাই কয় যে তেজপুৰ বিশ্ববিদ্যালয়ৰ মাটি যিহেতু বিষ্ণু প্ৰসাদ ৰাভাই দান কৰিছিল সেয়েহে বিশ্ববিদ্যালয় খনৰ নাম বিষ্ণু প্ৰসাদ ৰাভাৰ নামেৰে নামাকৰণ কৰিব লাগে।সভাত নলবাৰী অঞ্চলৰ বিভিন্নজন শিল্পীকো সম্বৰ্ন্ধনা জনোৱা হয়।ৰাতি পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পন,বিষ্ণু ৰাভাৰ প্ৰতিকৃতিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপন, চিত্ৰাংকন প্ৰতিযোগিতা  আদিও অনুষ্ঠিত হয় । 

আনহাতে নলবাৰী জিলাৰ বাহঁজানীৰ তিলানা যুৱক সংঘৰ উদ্যোগতয়ো ৰাভা দিৱস উদযাপন কৰা হয় । কাৰ্যসূচী মতে পুৱা পতাকা উত্তোলন কৰে সংঘৰ সভাপতি ধৰণীধৰ তামুলীয়ে,বিষ্ণু ৰাভাৰাভাৰ প্ৰতিকৃতিত মল্যাৰ্পন কৰে তিলানা গাওঁ উন্নয়ন সমিতিৰ  সভাপতি জীতেন কলিতাই । আবেলি চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰাভা সংগীত প্ৰতিযোগিতা  অনুষ্ঠিত হয় । সংঘৰ সাধাৰণ  সম্পাদক অবনী কলিতা সহ সম্পাদক নিহাৰ ভৰালীয়ে আতঁ ধৰা অনুষ্ঠানত অঞ্চলটোৰ বহু গন্য মান্য ব্যক্তিৰ লগতে বহু ৰাইজ উপস্থিত থাকে । 

ইফালে যজ্ঞভূমি সভাঘৰত  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাহঁজানী আঞ্চলিক সমিতিৰ উদ্যোগতো ৰাভা দিৱস উদযাপন কৰা হয় ।কাৰ্যসূচী মতে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন,মাল্যাৰ্পন ,বৃক্ষৰোপন, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, অনুষ্ঠিত হয় । আবেলি সমবেত সংগীত পৰিবেশন কৰা হয় । ইয়াৰ পিছতে বটাঁ বিতৰণী সভা আৰু ৰাভাৰ ওপৰত আলোকপাত অনুষ্ঠান হয় । ৰাভাৰ সংগ্ৰাম  আৰু  অসমীয়া জাতিৰ  অস্তিত্বৰ ওপৰত বক্তব্য ৰাখে নৰ্থ ইষ্ট ডিবেটৰচ্ এছিয়েচনৰ সাধাৰণ সম্পাদক প্ৰাণজিৎ দাসে । আঞ্চলিক সমিতিৰ সভাপতি সন্তোষ শৰ্মা আৰু সাধাৰণ সম্পাদক নজৰুল  আলীয়ে  আতঁ ধৰা অনুষ্ঠানত যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি মনোৰাম কলিতা, সাধাৰণ সম্পাদক নিৰোদ দাস, উপদেষ্টা মুকুল শৰ্মা, বিষয়ববীয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্য সহ  অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে ।

 

 

Your Comments