কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ
সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত ৰাভা দিৱস পালন কৰা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ এই বিশেষ দিনটোত শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা আৰু চতুৰ্দশ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপন সমিতিৰ উদ্যোগত আজি শিৱসাগৰ জিলা পুথিভঁড়ালৰ প্ৰাঙ্গণত ৰাভা দিৱস পালন কৰা হয়। বিষ্ণুজ্যোতি সাংস্কৃতিত সমন্বয় ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় ৰাভা দিৱসৰ পতকা উত্তোলন, বৃক্ষ ৰোপণ,শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে ৰাভা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ত্ৰৈলোক্য দত্ত আৰু দীপা কলিতাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, পৌৰনেত্ৰী মৃদুস্মিতা সিনহা, অসম সাংস্কৃতিত মহাসভাৰ সম্পাদক থানেশ্বৰ নেওগ। অনুষ্ঠানত হেম দত্ত, অসীমা বৰা, অলকা শইকীয়া, গীতাৱলী হাজৰিকা, গীতাঞ্জলী বৰদলৈ, অনামিকা কলিতা অৰু অনুষ্কা তৰংগিনীয়ে ৰাভা সংগীত পৰিবেশন কৰে।
উক্ত অনুষ্ঠানতেই শিৱসাগৰৰ বিশিষ্ট লেখক পাৰ্থ প্ৰদীপ বৰাক সাহিত্য সৌৰভ বঁটা আৰু সাংবাদিক জয়জ্যোতি গগৈক সংবাদ মধুকৰ বঁটা প্ৰদান কৰা হয়।
ইফালে জুবিন ফেন ক্লাৱ শিৱসাগৰ জিলা সমিতিয়েও ব্যতিক্ৰমী ভাৱে ৰাভা দিৱস অনুষ্ঠিত কৰে । ফেন ক্লাৱে জয়সাগৰস্থিত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত থকা শিশুসকলৰ মাজত ৰাভা দিৱস উদযাপন কৰে। অনুষ্ঠানৰ অৰম্ভনিতে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পন কৰাৰ লগতে গছ পুলি ৰোপণ কৰা হয়। ইয়াৰ পাছতেই শিশুসকলক খাদ্যবস্তু বিতৰণ কৰাৰ লগতে আৱাসিক কেন্দ্ৰৰ শিশুসকলে ৰাভা সংগীত পৰিৱেশন কৰে। অনুষ্ঠানত জুবিন ফেন ক্লাৱৰ ইন্দুমনী দাস, নৱজ্যোতি শইকীয়া, ৰশ্মিৰেখা তামুলী শেৱালী বৰগোহাঁইৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
- Log in to post comments
- 18 views