বঙাইগাঁৱত পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন 

bgn

বঙাইগাঁওঃ২০জুনঃ

সমগ্ৰ বিশ্ব তথা দেশৰ বিভিন্ন ঠাইৰ লগতে বঙাইগাঁৱতো কাইলৈ(২১ জুন)পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বঙাইগাঁও পতঞ্জলি যোগ সমিতিৰ সহযোগত বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত ইক' পার্কত আয়োজন কৰা যোগ দিৱস উদযাপনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। যোগ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত বন্তি প্ৰজ্জ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব ৷ ইয়াৰ পিছতে আদৰণি ভাষণ আৰু ভজন পৰিৱেশন অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ এই অনুষ্ঠানৰ পিছতে পুৱা ৭ঃ১৫ বজাৰ পৰা  সমূহীয়া যোগ আৰু পুৱা ৮ঃ১৫ বজাৰ পৰা  এক প্রদর্শনিমূলক যোগৰ অনুষ্ঠান অনুষ্ঠিত হ'ব ৷

ইপিনে যোগ দিৱস আয়োজনৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে জনোৱা মতে যোগ দিৱসৰ অনুষ্ঠানটো সফল আৰু  শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি প্ৰায় সমাপনৰ পথত। উল্লেখ্য যে জিলা উপায়ুক্ত আদিল খানে জিলাখনৰ প্ৰতিটো স্তৰৰ ৰাইজক এখন স্বাস্থ্যবান আৰু প্ৰগতিশীল ভাৰত নিৰ্মাণৰ এই মহান যাত্ৰাৰ অংশীদাৰ হ'বলৈ আহ্বান জনোৱাৰ লগতে যোগ দিৱসৰ উক্ত দিনাৰ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ বঙাইগাঁওবাসীক অনুৰোধ জনোৱাৰ লগতে সহায় সহযোগিতা কামনা কৰিছে।

Your Comments