বৰপেটাত অসম সাহিত্য সভাৰ উদ্যোগত ৰাভা দিৱস উদযাপন: তিনি গৰাকী বিশিষ্ট শিল্পীক সম্বৰ্ধনা

sahitya

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :

সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহাপ্রয়াণৰ ৫০ বছৰ পূৰ্ণ উপলক্ষে অসম সাহিত্য সভাই এইবাৰৰ বিষ্ণু ৰাভা দিৱসটি ভাষা - সাহিত্য , কলা সংস্কৃতিৰ এক মহান আদর্শ হিচাপে প্রতিফলিত কৰিবলৈ প্রয়াস কৰিছে । এই উদ্দেশ্যে শতবর্ষ গৰকা অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু দিৱস, ৰাভা দিৱসটি আজি  বিস্তৃত কার্যসূচীৰে যথাক্রমে গুৱাহাটী , তেজপুৰ আৰু বৰপেটাত উদযাপন কৰে ।এই উপলক্ষে আজি বৰপেটাত আয়োজিত ৰাভা দিৱসত পুৱা পতাকা উত্তোলনৰ পিছতেই স্মৃতি তৰ্পন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ তাৰ পিছতে বৰপেটা সাহিত্য সভাৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় বিশেষ সম্বর্ধনা আৰু আলােচনা সত্র ৷barpeta

আলোচনা সত্ৰখনিলৈ সমজুৱা সকলক আদৰণি জনোৱাৰ লগতে ৰাভা দিৱসৰ তাৎপৰ্যৰ ওপৰত বহলাই ব্যাখ্যা আগবঢ়ায় অসম সাহিত্য সভাৰ বিত্তীয় নিধিৰ আহ্বায়ক তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনীমোহন চহৰীয়াই ৷ অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্য্যলয়ৰ সম্পাদক গনেশ নাথে আঁত ধৰা অনুষ্ঠানটোত বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা অনুভৱী লেখক থানেশ্বৰ মালাকাৰে অংশগ্ৰহণ কৰি বিষ্ণু ৰাভাৰ জীৱনৰ আদৰ্শ আৰু তেওঁ অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদান সমুহ ফহিয়াই আলোচনা কৰে ৷ অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই উপস্থিত থাকি ৰাভাৰ সংগ্ৰামী জীৱনৰ ওপৰত আলোকপাত কৰে ৷ ৰাভা দিৱসৰ এই কার্যসূচীত কলা - সাহিত্যৰ সাধনাৰে অসমৰ জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱাৰ লগতে ৰাভাৰ আভা বিলাই অসমৰ জনজীৱনলৈ সেৱা আগবঢ়োৱা  বৰপেটা জিলাৰ তিনি গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনােৱা হ’য় । তেওঁলোক হ’ল- গোকুল পাঠক , প্রমােদ চন্দ্র ৰায় আৰু  গিৰীশ চন্দ্র তালুকদাৰ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰচাৰ বিভাগৰ কাৰ্য্যকৰী সভাপতি নৰেন হাজৰিকা, কাৰ্য্যনিৰ্বাহক সদস্য পবিত্ৰ কুমাৰ শৰ্মা আৰু গোবিন্দ তালুকদাৰ, বৰপেটা জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি লাচিত কলিতা, অসম সাহিত্য সভাৰ সামাজিক মাধ্যমৰ প্ৰশাসক জযন্ত কুমাৰ দাস সহ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড।

Your Comments