বৰপেটাৰোড সাহিত্য সভাৰ বিষ্ণু ৰাভা দিৱস পালন

barpeta

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :


আজি ৫০সংখ্যক বিষ্ণু ৰাভা দিৱস উপলক্ষে বৰপেটাৰোড সাহিত্য সভাই ৰাভা দিৱস পালন কৰে।সেই উপলক্ষে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাৰ সভাপতি শ্ৰী হিতেশ দাসে,কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যান মহিলা সমিতিৰ সম্পাদিকা শ্ৰীযুতা ৰত্না অধিকাৰীয়ে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে বৰপেটাৰোড আঞ্চলিক মহিলা সমিতিৰ সম্পাদিকা শ্ৰীযুতা জয়মতী তালুকদাৰে।barpeta2

ইয়াৰ লগতে ৰাভা দিৱসৰ লগত সংগতি ৰাখি সাহিত্য সভাই এখনি"ঐক্যতান"নামে প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰে সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতিৰ সভানেত্ৰী শ্ৰী ৰুনু দস বৰুৱাৰ দ্বাৰা।উক্ত অনুস্থানত ভালেকেইগৰাকী ব্যক্তিয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত আলোকপাত কৰে।

Your Comments