বঙাইগাঁওঃ
বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ল'ৱাৰ আসাম হাস্পাতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ তৰফৰ পৰা বঙাইগাঁও চহৰবাসী ৰাইজৰ সুবিধাৰ বাবে নিশাৰ ভাগত চিকিৎসালয়খনলৈ বিনামূলীয়া এম্বুলেঞ্চ সেৱা প্ৰৱৰ্তন কৰিছে ৷ ইয়াৰ উপৰিও আন কেতবোৰ সুবিধাও আগবঢ়াইছে চিকিৎসালয়খনে ৷ আজি চিকিৎসালয়খনৰ সভা কক্ষত আয়োজন কৰা এখন সংবাদ মেলত চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডাঃইতেশ বৰদলৈয়ে এই কথা সদৰি কৰে ৷ সংবাদ মেলত চিকিৎসক তথা স্বত্বাধিকাৰী ডাঃ বৰদলৈয়ে কয় যে দিনৰ ভাগত অসুস্থ হোৱা লোক তথা ৰোগীক চিকিৎসালয়লৈ অনাৰ ক্ষেত্ৰত পৰিয়ালৰ লোকে বিশেষ চিন্তা কৰিবলগীয়া নহয় ৷ যি কোনো ব্যৱস্থাৰে চিকিৎসালয়লৈ আনিবলৈ সক্ষম হয় ৷
কিন্তু নিশাৰ ভাগত হঠাতে অসুস্থ হোৱা লোকক অথবা যি কোনো ৰোগীক চিকিৎসালয়লৈ আনিবলৈ পৰিয়ালৰ লোকে চিন্তা কৰিবলগীয়া হয় ৷ বিশেষকৈ সময়ত বাহন আদিৰ যোগাৰ নোহোৱাৰ বাবে বহুতে ৰোগীক চিকিৎসালয়লৈ অনাৰ বাবা হাহাকাৰ কৰিবলগীয়া হয় ৷ তাৰোপৰি ৰোগীক চিকিৎসালয়লৈ সময় মতে আনিবলৈ সক্ষম নোহোৱাৰ বাবে সঠিক সময়ত চিকিৎসা লাভৰ পৰা বঞ্চিত হয় ৷ সেয়ে এনে দিশবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চিকিৎসালয়খনৰ তৰফৰ পৰা নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈ ৰাইজৰ সুবিধাৰ্থে চিকিৎসালয়খনলৈ বিনামূলীয়া এম্বুলেঞ্চ সেৱা আগবঢ়োৱা হৈছে ৷ এই সময়ৰ ভিতৰত যি কোনো অসুস্থ লোক তথা ৰোগীক যদি চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনিবলগীয়া হয়, তেতিয়াহ'লে চিকিৎসালয়খনৰ ৯৪৩৫৭২০৬২২ অথবা ৯১২৭৮০৭৮৫৭ মোবাইল নম্বৰত ফোন কৰিলেই হ'ল ৷ ফোন পোৱাৰ পিছতে এম্বুলেঞ্চ গৈ ৰোগীক ঘৰৰ পৰা বিনামূলীয়াকৈ চিকিৎসালয়খনলৈ লৈ আহিব ৷
ইয়াৰ ফলত ৰোগীয়ে কম সময়ৰ ভিতৰতে প্ৰয়োজনীয় চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব ৷ এই বিনামূলীয়া এম্বুলেঞ্চ সেৱা চিকিৎসালয়খনৰ পৰা বঙাইগাঁও চহৰৰ ৭ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰৰ অঞ্চলক সামৰি ল'ব ৷ এই বিনামূলীয়া এম্বুলেঞ্চ সেৱা ছয় এপ্ৰিলৰ পৰা আৰম্ভ কৰা বুলিও স্বত্বাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ সেইদৰে চিকিৎসালয়খনে বয়োজ্যেষ্ঠ আৰু যিসকল লোক চিকিৎসালয়লৈ আহিবলৈ শাৰীৰিকভাৱে অক্ষম তথা চিকিৎসালয়লৈ ৰোগীক আনিবলৈ পৰিয়ালত লোকৰ অভাৱ তেনে লোকসকলৰ তেজৰ নমূনা ঘৰৰ পৰা বিনামূলীয়াকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছে ৷ এই সুবিধা পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ উপলব্ধ হ'ব আৰু চিকিৎসালয়খনৰ পৰা ৭ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত সীমাবদ্ধ থাকিব ৷
তাৰোপৰি চিকিৎসালয়খনৰ তৰফৰ পৰা ৰাইজৰ সুবিধাৰ্থে এবছৰৰ বাবে এখন বিনামূলীয়া হেল্ড কাৰ্ড বিতৰণৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ দ্বাৰা ৰোগীয়ে বহিঃ বিভাগৰ সকলো পৰীক্ষা - নিৰীক্ষাত শতকৰা ১৫ শতাংশ ৰেহাই পাব ৷ আনহাতে ৰাইজৰ সুবিধাৰ বাবে চিকিৎসালয়খনৰ মেডিচিন, ই এন টি, পেডিয়েট্ৰিক, গাইনক'লজি ,চাৰ্জাৰী আদি অপিডি বিভাগসমূহ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকিব বুলিও চিকিৎসক বৰদলৈয়ে কয় ৷ তেওঁ লগতে চিকিৎসালয়খনে ইতিমধ্যে ২৪ ঘন্টীয়া লেবৰটৰী আৰু ব্লাড বেংকৰ সুবিধা আগবঢ়াই থকা হৈছে বুলিও উল্লেখ কৰে ৷ লেবৰটৰীত সকলো সময়তে প্ৰয়োজনীয় পৰীক্ষা কৰিব পাৰিব ৷ লগতে এম আৰ আই, চিটিস্কেন আদি সেৱাসমূহো ২৪ ঘন্টাই উপলব্ধ বুলি জনায় ৷
উল্লেখ্য যে চিকিৎসালয়খনত বিগত বৰ্ষৰ ১৮ আগষ্টৰ পৰা ব্লাড বেংক কম্পোনেন্ট ব্যৱস্থাৰ মাধ্যমেৰে ৰোগীক প্ৰয়োজন অনুসৰি তেজৰ বিভিন্ন কম্পোনেন্ট যোগান ধৰি অহা হৈছে ৷ এনেধৰণৰ তেজৰ বিভিন্ন কম্পোনেন্ট থকা এইটোৱে নামনি অসমৰ ভিতৰত একমাত্ৰ ব্লাড বেংক ৷ তাৰোপৰি চিকিৎসালয়খনৰ ব্লেড বেংকটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সকলো দিশৰ পৰা প্ৰথমত থকা বুলিও চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডাঃ ইতেশ বৰদলৈয়ে কয় ৷ সংবাদ মেলত চিকিৎসালয়খনৰ প্ৰৱন্ধক ফটিক কুমাৰ নাথ আদিও উপস্থিত আছিল ৷
- Log in to post comments
- 13 views