জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে ঈদৰ বাবে ছুটি লৈ ঘৰলৈ অহা এজন সেনা জোৱানক হত্যা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ৰাষ্ট্ৰীয় ৰাইফলছৰ ৩৪ নম্বৰ বেটেলিয়নৰ জোৱান মঞ্জুৰ আহমেদ বেগক বৃহস্পতিবাৰে গধূলি নিৰস্ত্ৰ অৱস্থাত তেওঁৰ অনন্তনাগ জিলাৰ ছদুৰা গাঁৱৰ ঘৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে।
উল্লেখ্য যে জম্মু-কাশ্মীৰত ছুটি লৈ ঘৰলৈ অহা নিৰস্ত্ৰ জোৱানক হত্যা কৰাৰ কেইবাটাও ঘটনা পূৰ্বতে সংঘটিত হৈছে।ইতিমধ্যে সুৰক্ষা বাহিনীয়ে বেগৰ হত্যাকাৰীৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে।
- Log in to post comments
- 10 views