ৰঙিয়াত এজনীয়া শিক্ষকেৰে চলিছে বিদ্যালয়

ৰঙিয়াত এজনীয়া শিক্ষকেৰে চলিছে বিদ্যালয়

পৰিৱৰ্তনৰ শ্লোগান আওৰাই শাসনৰ গাদীত বহা বিজেপি মিত্ৰজোঁট চৰকাৰখনে গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাৰ মান উন্নত কৰিব বিচৰাৰ সময়তে ৰঙিয়াৰ উত্তৰ চিৰাখুন্দি প্ৰাথমিক বিদ্যালয়খনৰ বিপৰীত ছবিয়ে চিন্তিত কৰি তুলিছে অঞ্চলবাসীক ।

আজি নিউজ এএছএনৰ অনুসন্ধানত দেখিবলৈ পোৱা গ'ল এই বিদ্যালয়খনত এগৰাকী শিক্ষকে ১০৮গৰাকী ছাত্ৰ-ছাত্ৰীক একেটা কোঠাতে পাঠদান কৰি থকাৰ দৃশ্য । বিষয়টো সন্দৰ্ভত প্ৰধান শিক্ষকগৰাকীয়ে কেইবাবাৰো ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনা ফল ধৰা নাই ৷

আনহাতে, শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে শিক্ষক নিযুক্তিৰ বিষয়টোও চৰকাৰে গুৰুত্বসহকাৰে লোৱা নাই বুলি অভিযোগ উঠিছে ৷ এই বিষয়ে জানিবলৈ বিচৰাত আজি প্ৰধান শিক্ষকগৰাকীয়ে কয় যে যোৱা দুবছৰ ধৰি তেওঁ অকলে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে ।

ৰঙিয়াত এজনীয়া শিক্ষকেৰে চলিছে বিদ্যালয়

তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষামন্ত্ৰীক শিক্ষানুষ্ঠানখনৰ উন্নয়নৰ লগতে পৰ্যাপ্ত শিক্ষক নিযুক্তি দি মানৱ সম্পদ গঢ়াত সহায় কৰিবলৈ আহ্বান জনায় । আনহাতে, ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তেওঁলোকেও এগৰাকী শিক্ষকৰ দ্বাৰা পাঠ গ্ৰহণ কৰিবলগীয়া হোৱাত তেওঁলোক বহু ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে ৷

এই ক্ষেত্ৰত এবি এমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নজৰুল ইছলামেও পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা সহ্য কৰা নহ'ব বুলিও তেওঁ ক্ষোভেৰে কয় ৷ এবি এমছুৰ সমৰ্থকসকলে শিক্ষানুষ্ঠানখনত শিক্ষক নিযুক্তি দিয়াৰ দাবীত ধৰ্ণা দিয়ে ।

Your Comments