একবিংশ শতিকাত মডেল বিটিচিত যাতায়াতৰ ভাৰসা নৌকা

একবিংশ শতিকাত মডেল বিটিচিতত যাতায়াতৰ ভাৰসা নৌকা

ওদালগুৰি জিলাৰ ৩৫নং মুদৈবাৰী বিটিচি পৰিষদীয় সমষ্টিৰ অধীনস্থ হাপাবাৰী-কবিৰালী সংযোগী নোৱানদীৰ ওপৰত নাই দলং । অঞ্চলটোৰ ৰাইজ কিম্বা ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ বাবে ত্ৰাহি মধুসুদন সুঁৱৰিবলগাত পৰিছে ।

উল্লেখ‍্য যে সেই স্থানত আগতে এটি বান্ধেৰে ৰাইজে যাতায়াত কৰিছিল যদিও বৰ্তমান বান্ধটোৰ কোনো চিন-চাব নাই । ফলত একবিংশ শতিকাতো ৰাইজে নৌকা অথবা জৰাজীৰ্ণ বাঁহৰ দলঙকেই যাতায়াতৰ একমাত্ৰ সাৰথি হিচাপে গ্ৰহণ কৰিবলৈ বাধ‍্য হৈছে ।

একবিংশ শতিকাত মডেল বিটিচিতত যাতায়াতৰ ভাৰসা নৌকা

২০০৩ চনত বিটিচি চুক্তিমৰ্মে বিভিন্ন অঞ্চলত বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে পকী দলং নিৰ্মাণ হৈছে যদিও আজি পৰ্যন্ত এই অঞ্চলটোক কোনো উন্নয়নৰ আঁচনিয়ে ঢুকি পোৱা নাই ।

আনহাতে, মুদৈবাৰী সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হৈ বৰ্তমান বিটিচিৰ কাৰ্যবাহী সদস‍্য হোৱা জগদীশ সৰকাৰে নিজ সমষ্টিৰ ৰাইজৰ দুখ-দুৰ্দশাক পিঠি দিয়াহে পৰিলক্ষিত হৈছে ।

বালিপাৰা কৃষক মুক্তি হাইস্কুল, বালিপাৰা এম ই মাদ্ৰাছা, বুধবৰীয়া সাপ্তাহিক বজাৰকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ অহাৰ ক্ষেত্ৰত হাপাবাৰী, কবিৰালী, দলগাঁও, পকীমূৰি, দেৱৰগাঁৱকে ধৰি কেইবাখনো গাঁৱৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে এই দলংখনৰ বাবে নৰক যন্ত্ৰণা ভুগিবলগীয়াত পৰিছে । দলংখন নিৰ্মাণৰ বাবে স্থানীয় জনপ্ৰতিনিধিৰ এনে উদাসীনতাই ৰাইজক হতচকিত কৰি তোলা পৰিলক্ষিত হৈছে ।

একবিংশ শতিকাত মডেল বিটিচিতত যাতায়াতৰ ভাৰসা নৌকা

দলংখন নিৰ্মাণ কৰি অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া সমস‍্যা সমাধানৰ অদ‍্যাপি কোনো ব‍্যৱস্থা নোলোৱাত ৰাইজে নিজৰ ক্ষোভ উজাৰিছে ৷ পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ লগতে ৩বাৰকৈ বিটিচিৰ শাসন চলোৱা বিপিএফ চৰকাৰক এই স্থানত এখন পকী দলং নিৰ্মাণ কৰি মডেল বিটিচিৰ আচল ছবিখন প্ৰতিফলিত কৰিবলৈ অঞ্চলটোৰ ৰাইজে দাবী জনাইছে ।

Your Comments