কলাইগাঁৱত বিধ্বস্ত দলং, কাণসাৰ নাই জনপ্ৰতিনিধিৰ

কলাইগাঁৱত বিধ্বস্ত দলং, কাণসাৰ নাই জনপ্ৰতিনিধিৰ

ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টি আৰু ওদালগুৰি বিধানসভা সমষ্টি সংযোগী কদমতলাৰ কাৱাডোঙ্গা নৈৰ ওপৰেৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়াত কৰাৰ বাবে ব‍্যৱহাৰ কৰে এখন জৰাজীৰ্ণ বাঁহৰ দলং ।

স্বাধীনতাৰ ৭০ বছৰ উকলি যোৱাৰ পিছতো কোনো এখন চৰকাৰে অঞ্চলটোৰ সমস‍্যাসমুহৰ প্ৰতি গুৰুত্ব পদান নকৰি বিধিপথালি দিয়াৰ অভিযোগ আনিছে স্থানীয় ৰাইজে । অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত দলংখন নিৰ্মাণৰ কোনো ব‍্যৱস্থা নকৰাত যাতায়াতৰ বাবে যমৰ যাতনাত পৰিছে জনসাধাৰণৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ।

কলাইগাঁৱত বিধ্বস্ত দলং, কাণসাৰ নাই জনপ্ৰতিনিধিৰ

প্ৰতিবছৰে ৰাইজৰ গাঁঠিৰ ধনেৰে বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত কৰিবলগীয়াত পৰিছে ৰাইজে । মৰণ ফান্দ সদৃশ বিধ্বস্ত বাঁহৰ দলংখনেই এতিয়া ৰাইজৰ একমাত্ৰ ভৰসাৰ স্থল ৷ সেয়েহে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰী আৰু বিধায়ক মহেশ্বৰ বড়োৰ সমষ্টিৰ কাৱাডোঙ্গা নৈৰ ওপৰৰ সংযোগী এই বাঁহৰ দলংখন শীঘ্ৰে নিৰ্মাণৰ দাবী তুলিছে অঞ্চলবাসী ৰাইজে ৷

বহুদিনীয়া আহুকালৰ পৰা পৰিত্ৰাণ বিচাৰি নিউজ এএছএনৰ প্ৰতিনিধিৰ জৰিয়তে এই সম্পৰ্কত ৰাইজে জনপ্ৰতিনিধি দুগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ 

Your Comments