গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখী ব্ৰক্ষ্মপুত্ৰ মেইলৰ খুন্দাত এজন ব্যক্তি থিতাতে নিহত হয় । ৰঙিয়া ষ্টেচনৰ সমীপত হোৱা ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱামতে লোকজনে ৰে'ল লাইনটো পাৰ হ'বলৈ লওঁতেই এই দুৰ্ঘটনাতো সংঘটিত হয় ৷ গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখে আহি থকা ব্ৰক্ষপুত্ৰ মেইলখনে ৫০ ঊৰ্ধ্বৰ ব্যক্তিজনক মহটিয়াই নিয়ে ৷ ফলত লোকজন থিতাতে নিহত হয় ৷ বৰ্তমানলৈকে ব্যক্তিজনক ব্যক্তি কৰিব পৰা হোৱা নাই ৷ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰ পি এফে জোৱানে লৈ যায় ।
- Log in to post comments
- 50 views