লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডোঙা মধ্য ইংৰাজী বিদ্যালয়ৰ ৮০নং ভোটগ্ৰহণ কেন্দ্ৰত শাৰী পতাক লৈ দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়।
জানিব পৰা মতে,ভোটদান কৰিবলৈ শাৰী পাতি ঠিয় হোৱাক লৈ প্ৰথমে কথাৰ কটাকটি হয় আৰু তাৰ পিছত মাৰপিট আৰম্ভ হয়। নিৰাপত্তাৰক্ষীৰ দুৰ্বলতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
- Log in to post comments
- 37 views