টিয়কৰ পৰা দিপজ্যোতি শইকীয়াৰ প্ৰতিবেদন :
নকছাৰিৰ জ্যেষ্ঠ অগপ নেতা ভৱ বৰাৰ আজি মৃত্যু হয়। কিছুদিনৰ পৰা অসুস্থ হৈ থকা বৰাক ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে নিয়া অৱস্থাতে মৃত্যুক আঁকোৱালি লয়।
নাগালেণ্ডৰ শিক্ষা পৰিকল্পনা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা বৰা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সাধাৰণ সদস্য আছিল।বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী হিচাপে দুবাৰকৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল প্ৰয়াত বৰাই।
মৃত্যুৰ সময়লৈকে বৰা অসম নাগালেণ্ড শান্তি সমন্বয় সমিতিৰ সভাপতি পদত অধিষ্ঠিত আছিল। মৃত্যুৰ সময়লৈকে আঞ্চলিকতাবাদত বিশ্বাসী ভৱ বৰাৰ মৃত্যু নকছাৰিৰ বাবে বৃহৎ ক্ষতি হিচাপে চিহ্নিত হৈছে।
- Log in to post comments
- 21 views