দেওবাৰে ডঃ ভূপেন হাজৰিকা মুকলি মঞ্চত কলাইগাঁও প্ৰগতিশীল জনমঞ্চৰ সহযোগত বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠীয়ে এখনি আলোচনা সত্ৰ অনুষ্ঠিত কৰে । দৰঙী লোকগীত চেৰা ঢেকৰ পৰম্পৰা, পৰিবৰ্তন আৰু প্ৰাসংগিকতা সম্পৰ্কে লোকসংস্কৃতি গৱেষক তথা অৱসৰী অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মাই সঞ্চলানা কৰা আলোচনা সত্ৰখন উদ্বোধন কৰে লেখক তথা শিক্ষক সৎৰাম ডেকাই। আলোচনা সত্ৰখনত আলোচক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভূঞা, লেখক তথা শিক্ষক খাইৰুল ইছলাম, হাফিজ আলী।
ইয়াৰ উপৰি টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ঘটেশ্বৰ বৰুৱাকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে আলোচনা সত্ৰখনত অংশগ্ৰহণ কৰে । বিশিষ্ট লেখক তথা সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাই আঁতধৰা আলোচনা সত্ৰখনত বালিপাৰা কৃষক মুক্তি হাই স্কুলৰ প্ৰধান শিক্ষক চহিৰুদ্দিন আহমেদ, সমাজকৰ্মী কমিৰাম চহৰীয়া, মহেন্দ্ৰ শইকীয়াকে ধৰি বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠীৰ সভাপতি পুষ্প হাজৰিকা, সম্পাদক মিঠু বড়ো উপস্থিত থাকে।
- Log in to post comments
- 64 views