সত্ৰীয়া সংস্কৃতিৰ সাধক তথা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ প্ৰয়াত দেৱেশ্বৰ বৰাৰ পুত্র উপেন চন্দ্ৰ বৰুৱা বৰবায়নলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ তৰফৰ গুৰুজনাৰ অমূল্য সৃষ্টি ৰাজিৰ সৰ্ম্পকত গবেষণা কৰাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগন্তুক দুবছৰৰ কাৰণে ফেলশ্বিপ আগবঢ়োৱা হৈছে ৷ শংকৰী বিদ্যাপীঠৰ পৰা ২০০৫ বৰ্ষতে সত্ৰীয়া নৃত্যত ৰ্নতন বিশাৰদ ডিগ্ৰী আৰু ২০০৬ বৰ্ষত সংগীত সত্রৰ পৰা খোলবাদ্যত গুনীন ডিগ্ৰী লাভ কৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰবায়ন উপেন বৰুৱাই তিনিবছৰ বয়সতে নাৰায়ণপুৰৰ শ্ৰী শ্ৰী বদলাপদ্ম আতাঁ সত্র সত্রীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ নিজকে সৰ্মপন কৰে ৷
চাৰি বছৰ বয়সতে শিশু কৃষ্ণ চৰিত্ৰত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলা উপেন্দ্ৰ চন্দ্ৰ বৰুৱাই তিনি বছৰ বয়সতে ৰামেশ্বৰ শইকীয়া বৰবায়ন আৰু দেবানন্দ বৰবায়নৰ শিষ্যত্ব গ্ৰহণ কৰি সত্রীয়া কৃষ্টি-সংস্কৃতিৰ শিক্ষাগ্ৰহণ কৰি বিগত দুটা দশকত ৰাজ্যৰ বিভিন্ন পান্তৰ লগতে জম্মু,ভূপাল,চিমলা,নতুন দিল্লী,ইটানগৰ,চণ্ডিগড়,উৰিষা আদি ৰাজ্যৰ বিভিন্ন অঞ্চলত খোলবাদন আৰু সত্রীয়া নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ সমান্তৰাল ভাৱে ৰাজ্য তথা দেশৰ বিভিন্ন ঠাইত গুৰুজনাৰ অমূল্য সম্পদ সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ সংৰক্ষণৰ হেতু দেশী-বিদেশী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷
২০১২ বৰ্ষত মাজুলীৰ আইনীআটি সত্রত অনুষ্ঠিত সদৌ অসম ভাওনা সমাৰোহত শ্ৰেষ্ঠ বায়ন হিচাপে খিতাপ লাভ কৰা সত্রীয়া সংস্কৃতিৰ সাধক গৰাকীয়ে বৰ্তমান নাৰায়ণপুৰৰ সত্রীয়া ৰংগালয়া,চৌদ্ধপুনীয়াৰ গুৰুকুল কলা নিকেতন,মধূপুৰ সাৰথি কলা নিকেতনত সত্রীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷ বাৰ বৈষ্ণৱৰ জন্মস্থান লখিমপুৰৰ নাৰায়ণপুৰৰ শংকৰী সাধক উপেন চন্দ্ৰ বৰুৱা বৰবায়নলৈ ভাৰত চৰকাৰে আগবঢ়োৱা ফেলশ্বিপ বাবে অঞ্চলবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে ৷
- Log in to post comments
- 39 views