চেঙাত বিৰিণা গোষ্ঠীৰ পদ্মনাথ গোহাঞিবৰুৱাৰ স্মৃতিচাৰণ

chinga

 চেঙাৰ পৰা সুৰজিৎ পাঠক

অসমৰ এটি অগ্ৰণী সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত দেওবাৰে সন্ধিয়া  চেঙাৰ ফুনুৰাম পঁজাত বিৰিণা গোষ্ঠীৰ মাহেকীয়া সাহিত্য আলাপ "বিৰিণা বৈভৱ" আৰু  অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু  তিথি উপলক্ষ্যে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতেই  দুখনকৈ ক্ষুদ্ৰ  কাব্যগ্ৰন্থৰো উন্মোচন কৰে। কবি সুৰজ চন্দনৰ কবিতা পুথি কবিতা তোমাৰ বাবে উন্মোচন কৰে কবিগৰাকীৰ মাতৃ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনুবালা বৰ্মন পাঠকে।

আনহাতে তফিকুৰ ৰহমানৰ কবিতা পুথি "ছাঁ" উন্মোচন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰ নাথ গোস্বামীয়ে। বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ  সভাখনত পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া আৰু মাল্যাৰ্পণ কৰে চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ সম্পাদক মৃগেন্দ্ৰ নাৰায়ণ বৰুৱাই। সাহিত্য আলাপত কুৰি গৰাকী কবিয়ে পাঠ কৰা কবিতাৰ পৰ্যালোচনা কৰে শিক্ষাবিদ ৰোহিণী কুমাৰ দাসে।শেষত অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Your Comments