ভাৰতীয় জনতা পাৰ্টীয়ে ২০১৪ৰ লোকসভা নিৰ্বাচনত ৩১ শতাংশ ভোট অৰ্থাৎ ১৭,১৬,৫৭,৫৪৯জন ভাৰতীয় নাগৰিকৰ সমৰ্থন লাভ কৰি দেশত চৰকাৰ গঠন কৰিলে। ৫৫,৩৮,০১,৮০১জন ভোটাৰৰ ৩৮,২১,৪৪,২৫২জন ভোটাৰে বিজেপিক সমৰ্থন নজনালে। ২০১৪ চনত ভাৰতৰ মুঠ জনসংখ্যা আছিল ১১২৭,১৭,০২,৫৪২জন।প্ৰকৃতাৰ্থত ভাৰতৰ মুঠ জনসংখ্যাৰ ৮৬.৫০ শতাংশ লোকৰ সমৰ্থন লাভ নকৰি দেশৰ শাস পৰিচালনা কৰা চৰকাৰখন বহল দৃষ্টিভংগীৰ আৰু অতি গণতান্ত্ৰিক হোৱাৰ নিশ্চয় প্ৰয়োজন আছিল।প্ৰচলিত গণতান্ত্ৰিক ব্যৱস্থাটোক সন্মুখত লৈ চৰকাৰ গঠন কৰিলেও দেশৰ শাসন পৰিচালনা কৰা চৰকাৰখন বহল দৃষ্টিভংগীৰ আৰু অতি গণতান্ত্ৰিক ব্যৱস্থাটোক সন্মুখত লৈ চৰকাৰ গঠন কৰিলেও দেশৰ মুঠ জনসংখ্যাৰ ১৩.৫০শতাংশ আৰু মুঠ ভোটাৰৰ ৩১ শতাংশৰ সমৰ্থন লাভ কৰা চৰকাৰে প্ৰকৃত সত্যটো উপলব্ধি কৰি সিদ্ধান্তসমূহ গ্ৰ্ৰহণ কৰা উচিত আছিল। কিন্তু সম্পূৰ্ণ বিপৰীত দিশেৰে গতি ল’লে।
বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, উপজাতিৰে পৰিৱেষ্টিত এইখন ভাৰত। আৰ্য, মংগোলীয়, দ্ৰাবিড়, ককেচীয় আদি প্ৰজাতিৰ মানৱ সভ্যতা বিস্তাৰিতভাৱে আছে এইখন ভাৰতত। প্ৰতিটো ধৰ্মৰ এক সুকীয়া মৰ্যাদা আৰু ইতিহাস আছে। প্ৰশাসনীয় ক্ষোত্ৰত স্বীকৃত ২২টা ভাষাৰ লগতে দেশত ৭৮০টা ভাষা কোৱা দেশবাসী আছে। এনে পটভূমিত এটা ভাষা, এটা ধৰ্ম, একক দৃষ্টিভংগীৰে দেশৰ পৰিচালনা কৰা সম্ভৱ নহয় আৰু উচিত নহয়। ভূমিৰ পৰাহে ৰাজনীতি হয়| ৰাজনীতিত ভূমিপুত্ৰৰ গুৰুত্ব আছে আৰু থকা উচিত। দিল্লীৰ পৰা ৰাজনীতি পৰিচালনা কৰা দিন এতিয়া উকলিল। ‘পেৰাছুট’ ৰাজনীতি এতিয়া আৰু বিশ্বাসযোগ্য হৈ থকা নাই। ৰাজনৈতিক শ্ল’গানতকৈ সমস্যা সমাধানৰ সূত্ৰহে বিচাৰে আজিৰ ভোটাৰে। আজিৰ ভোটাৰে পৃথিৱীখন ওচৰৰ পৰা চাবৈল শিকিলে, মাটিকালি হিচাপে অসমৰ সমান এখন ৰাষ্ট্ৰ তথা দেশে কেনেকৈ বিশ্বৰ বুকুত থিয় হৈছে, নতুন ভোটাৰসকলে সেইটো উপলব্ধি কৰিব পাৰিছে। শেহতীয়াভাৱে ৰাষ্ট্ৰ পৰিচালনা কৰাসকলৰ চৰিত্ৰ আৰু কৰ্মৰাজিৰ বাবে আঞ্চলিক পূৰ্ণ স্বায়ত্তশাসন তথা আত্মনিয়ন্ত্ৰণৰ অধিকাৰক সাংবিধানিক স্বীকৃতি আৰু আঞ্চলিক ৰাজনৈতিক দৰ্শনে গুৰুত্ব পাবলৈ আৰম্ভ কৰিছে। কেন্দ্ৰই ৰাজ্যসমূহৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে দি অহা প্ৰতিশ্ৰুতিবোৰ ভংগ কৰিবলৈ লৈছে। মহা-অতিকেন্দ্ৰিক কেন্দ্ৰীয় চৰকাৰে নিজস্ব ধাৰাৰে দেশ পৰিচালনা কৰি অহাৰ কাৰণে ৰাষ্ট্ৰীয় ৰাজনীতিক প্ৰত্যাহ্বান জনোৱাৰ এক উকমুকনি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।
আঞ্চলিক চিন্তা-চেতনাৰ মাজেৰে আৰম্ভ হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰাম।ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ কদৰ্য ৰূপটোৰ বাবে অঞ্চল ভিত্তিক বিদ্ৰোহ আৰম্ভ হৈছিল। সেইবাবেই স্বাধীনতা সংগ্ৰামত আঞ্চলিকতাবাদী দৃষ্টিভংগীয়ে সমৰ্থন লাভ কৰিছিল।১৯২০ চনৰ ২৬ ডিচেম্বৰত বিজয় ৰাঘবচাৰীৰ নেতৃত্বত নাগপুৰত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত ভাষাৰ ভিত্তিত প্ৰদেশ গঠনৰ নীতি গ্ৰ্ৰহণ কৰিছিল। এই নীতি সন্মুখত লৈয়েই ১৯৪২ৰ ৮ আগষ্টত উথ্থাপন হৈছিল ‘ভাৰত ত্যাগ’ প্ৰস্তাৱ।‘ভাৰত ত্যাগ’ প্ৰস্তাৱ কাৰ্যকৰী নকৰাকৈ ১৯৪৭ৰ ১৫ আগষ্টত দেশে স্বাধীনতা পালে। ১৯৫০ৰ ২৬ জানুৱাৰীত সংবিধান গ্ৰহণ কৰা হ’ল। সেয়ে স্বাধীনতা সংগ্ৰামৰ প্ৰকৃত কাৰ্যসূচী যোৱা ৭০টা বছৰে অসম্পূৰ্ণ হৈ থাকিল। মহা-অতিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাক আঘাত কৰাৰ লক্ষ্যৰে এতিয়া প্ৰায় প্ৰতিখন ৰাজ্যতে সুপ্ত হৈ থকা আঞ্চলিক ৰাজনীতিয়ে গা কৰি উঠা পৰিলক্ষিত হৈছে। আঞ্চলিকতাবাদী শক্তিসমূহে এতিয়া উপলব্ধি কৰিবলৈ লৈছে যে এটা ৰাষ্ট্ৰীয় দলক ক্ষমতাৰ পৰা আঁতৰোৱাৰ নামত আন এটা ৰাষ্ট্ৰীয় দলে আঞ্চলিকতাবাদী শক্তিৰ কান্ধত ভৰ দি ক্ষমতা দখল কৰিছে, কিন্তু চৰত্ৰিৰ পৰিৱৰ্তন নহ’ল। অতিকেন্দ্ৰিক ব্যৱস্থাক মহা-অতিকেন্দ্ৰিক শাসন ব্যৱস্থালৈ ৰূপান্তৰ কৰিলে। আঞ্চলিক শক্তিসমূহক অঞ্চলবাসীৰ ওচৰত সন্দেহৰ পাত্ৰ কৰি মৃত্যুঘণ্টা বজাই সেই ক্ষেত্ৰসমূহ দখল কৰিবলৈ আৰম্ভ কৰিলে।২০১৪ত কৰা কংগ্ৰেছমুক্ত ভাৰতৰ শ্লোগান এতিয়া বিৰোধীমুক্ত ভাৰতৰ শ্লোগানলৈ পৰিৱৰ্তন কৰিছে।গতিকে সংঘাত আৰম্ভ হৈছে। নিজস্বতা থকা, জাতিক লৈ স্বাভিমান থকা আঞ্চলিক ৰাজনৈতিক দল তথা শক্তিসমূহে প্ৰত্যাহ্বান জনাবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে। সেইটোৱেই বৰ্তমান সময়ত সুস্থ আৰু বাস্তৱসন্মত দিশ। শোষণ, প্ৰৱঞ্চনা আদিৰ প্ৰতিবাদতে জনগণ ঐক্যবদ্ধ হয়। ভাৰতত ব্ৰিটিছৰ ঔপনিৱেশিক শোষণক প্ৰত্যাহ্বান জনাবলৈ ১৮৮৫ত কংগ্ৰেছৰ জন্ম হ’ল।ধৰ্মক সন্মুখত লৈ জনগণক ঐক্যবদ্ধ কৰাৰ বাবে ১৯০৬ত সদৌ ভাৰত হিন্দু মহাসভাৰ জন্ম হ’ল। সাম্প্ৰদায়িক শক্তি আৰু পুঁজিবাদৰ বিৰুদ্ধে ১৯২৫ত কমিউনিষ্ট দলৰ জন্ম হ’ল। দেশে স্বাধীন হোৱাৰ পিছত ৰাষ্ট্ৰৰ চৰিত্ৰৰ প্ৰতি লক্ষ্য ৰাখি ১৯৫২ চনৰ নিৰ্বাচনৰ পিচত নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ১৯টা আঞ্চলিক দলৰ নাম। যোৱা চাৰিটা দশকত দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যত আঞ্চলিক ৰাজনৈতিক শক্তিসমূহে নিজস্ব ক্ষেত্ৰ শক্তিশালী কৰি লৈছে। ২০১৫ চনলৈ ২৯খন ৰাজ্যত কংগ্ৰেছে ৬বাৰ, বিজেপিয়ে ১৪বাৰ মিত্ৰশক্তিৰে ৰাজ্য পৰিচালনা কৰিবলগা হৈছিল আৰু ১৪খন ৰাজ্যত আঞ্চলিক দলৰ চৰকাৰ গঠন হৈছিল। প্ৰকৃতাৰ্থত নতুন দিল্লীত ১৯৯৬ চনৰ পৰা একদলীয় শাসনৰ ওৰ পৰিল। প্ৰকৃতাৰ্থত ১৯৮৯ৰ পৰা যৌথ শক্তিৰে দেশ পৰিচালনা কৰাৰ পৰিৱেশ আৰম্ভ হ’ল। ১৯৯৯ৰ পৰা ২০০৪লৈ বিজেপিৰ নেতৃত্বত ২৪টা ৰাজনৈতিক দলে এন ডি এ গঠন কৰি দেশ পৰিচালনা কৰিবলগা হ’ল।ৰাজ্যিক দল তথা আঞ্চলিক দলক লগত লৈ বিজেপি আৰু কংগ্ৰেছে ক্ষমতা দখল কৰাটো দেশৰ ৰাজনীতিত এক পৰিচিত ঘটনা হৈ পৰিল।
ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপিক একাষৰীয়া কৰি অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত টি ডি পি, উত্তৰ প্ৰদেশত সমাজবাদী আৰু বহুজন সমাজবাদী, বিহাৰত আৰ জে ডি, পশ্চিমবংগত তৃণমূল কংগ্ৰেছ আৰু চি পি আই (এম), ওড়িশাত বিজু জনতা দল, মহাৰাষ্ট্ৰত শিৱসেনা আৰু এন চি পি, দিল্লীত আপ, ত্ৰিপুৰাত চি পি আই (এম), নাগালেণ্ডত এন ডি পি পি আৰু এন পি চি, তামিলনাডুত ডি এম কে আৰু এ আই ডি এম কে, পঞ্জাবত আকালি দল, জম্মু আৰু কাশ্মীৰত নেচনেল কনফাৰন্সে, অসমত অগপ, কেৰালাত চি পি আই (এম) আৰু কেৰালা কংগ্ৰেছ, ছিকিমত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট, মেঘালয়ত এন পি পি, ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তি মৰ্চা, হাৰিয়ানাত আই এন এল ডি, তেলেংগানাত তেলেংগানা ৰাষ্ট্ৰীয় সমিতিয়ে নিজৰ ৰাজ্যত শক্তিশালী ভূমিকা গ্ৰহণ কৰি আছে। এই ৰাজ্যসমূহত ভোটাৰ আঞ্চলিকতাবাদত বিশ্বাসী। বিজেপিয়ে সঠিকভাৱেই উপলব্ধি কৰিছিল যে দেশৰ পৰা কংগ্ৰেছমুক্ত কৰিবলৈ আৰু বিজেপিৰ শক্তি বৃদ্ধি কৰিবলৈ আঞ্চলিক দল তথা ৰাজ্যিক দলসমূহৰ লগত মিত্ৰতা কৰিব লাগিব| আজি ২১খন ৰাজ্য বিজেপিৰ দখলত যদিও ৯খন ৰাজ্যত আঞ্চলিক দল তথা ৰাজ্যিক দলৰ সম্পূৰ্ণ সহযোগতহে বিজেপি চৰকাৰ গঠন হৈছে। এনে দিশবিলাক সন্মুখত লৈয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত আজি নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে। আঞ্চলিকতাবাদী শক্তিসমূহে নিজৰ শক্তি উপলব্ধি কৰিবলৈ লৈছে। নিজকে দুৰ্বল বুলি অনুভৱ কৰি আঞ্চলিকতাবাদৰ পক্ষত থকা জনগণক অপমান কৰাটো উচিত হোৱা নাই। দেশৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাস অধ্যয়ন কৰাৰ সময় হৈছে| সাম্প্ৰতিক সময়ত অসমৰ ৰাজনৈতিক পৰিস্থিতিয়ে অসমবাসীৰ ওপৰত এক বিশ্বাসৰ সংকট সৃষ্টি কৰিছে। ভোটাৰৰ আশা আৰু চিন্তাক আজিৰ ৰাজনৈতিক শক্তিয়ে প্ৰতিফলিত কৰিব পৰা নাই। ক্ষমতাকেন্দ্ৰিক ৰাজনীতিক অধিক গুৰুত্ব দিয়াৰ ফলত সমস্যাৰ সংযোজনহে ঘটিবলৈ লৈছে। এনে জটিল সংকট আৰু শংকাৰে ভৰা অসমৰ সামাজিক জীৱনৰ উত্তৰণৰ বাবে ৰাজনৈতিক ক্ষেত্ৰখনত অধিক বাস্তিৱক আৰু গতিশীল সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হৈছে। আপোচৰ ৰাজনীতিৰ, ক্ষমতাকেন্দ্ৰিক চিন্তাৰে দিছপুৰত বহিবলৈ যোৱা কোনো শক্তিৰ দ্বাৰা অসম আৰু অসমবাসীৰ পৰিৱৰ্তন সম্ভৱ হ’ব নোৱাৰে। আমাৰ প্ৰস্তাৱ হ’ল— আগন্তুক পঞ্চাশ বছৰৰ বাবে অসমৰ এখন নিজা পৰিকল্পনা প্ৰস্তুত কৰা প্ৰয়োজন। প্ৰতিটো জনগোষ্ঠীৰ সম-উন্নয়নৰ দিশ আগত ৰাখি আমাৰ পৰিকল্পনা এতিয়াই হোৱা উচিত| ৰাজ্যৰ জনমূৰি আয় আৰু ৰাজহ বৃদ্ধৰি বাবে স্পষ্ট কাৰ্যসূচী প্ৰস্তুত কৰা প্ৰয়োজন জাতীয় পুঁজি বৃদ্ধিৰ দিশটো অতি গুৰুত্বপূৰ্ণ| এতিয়া সমস্যাসমূহৰ সমাধান সূত্ৰ নিৰ্ণয় কৰাৰ সময়| আমি এই ক্ষেত্ৰত দৃঢ় হোৱা উচিত যে আমাৰ সমস্যা আনে সমাধান নকৰে। অসমৰ ভৌগোলিক ক্ষেত্ৰত থকা জাতি, জনজাতি, জনগোষ্ঠীসকলে পৰস্পৰক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা উচিত নহয়| এনে কৰিলে ৰাষ্ট্ৰৰ বিশাল শক্তিক আমাৰ স্বাৰ্থ আদায়ৰ বাবে ঐক্যবদ্ধভাৱে প্ৰত্যাহ্বান জনোৱাৰ সামৰ্থ্য হেৰুৱাম।
- Log in to post comments
- 573 views