এচাম টিভিসৃষ্ট বুদ্ধিজীৱীয়ে এতিয়া চল চাই কঠীয়া পাৰে!

এচাম টিভিসৃষ্ট বুদ্ধিজীৱীয়ে এতিয়া চল চাই কঠীয়া পাৰে!

জিতুমণি বৰা

ভয়ংকৰ দিন। ৰাফেল ক্ৰয়ৰ নামত তথ্যৰ ঢাকোন দি প্ৰধান মন্ত্ৰীয়ে নাটকীয় ভাষণৰ জৰিয়তে বিষয়টোৰ পৰা ৰাইজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। যশৱন্ত সিনহা, অৰুণ শ্বোৰী, প্ৰশান্ত ভূষণে ৰাফেল ক্ৰয়ৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তোলাৰ মাজতে দ্য হিন্দু কাকতৰ জৰিয়তে প্ৰখ্যাত সাংবাদিক তথা সেইখন কাকতৰে প্ৰাক্তন সম্পাদক এন ৰামে এনে কেতবোৰ তথ্য ৰাজহুৱা কৰিছে, যিবোৰৰ উত্তৰ বহুবল্কী বিজেপি নেতা আৰু প্ৰধান মন্ত্ৰীয়ে দিব পৰা নাই। ভাৰতবৰ্ষত হেজাৰ-বিজাৰ বাতৰিকাকত আৰু নিউজ চেনেল থকাৰ পাছতো কেৱল এজন সাংবাদিকেহে ৰাফেলৰ নামত চৰকাৰী ফাঁকি আৰু কেলেংকাৰী উদঙাবলৈ সক্ষম হ'ল। এন ৰামে দেখুওৱা সাহস আৰু সততাক দেশৰ জনতাই সেয়ে ভূৰী ভূৰী প্ৰশংসা কৰিছে। অথচ দিল্লীত কৃষক বিদ্ৰোহৰ সময়ত হনুমানৰ জাত বিচাৰি টক শ্ব' পতা নিউজ চেনেল দিল্লী-মুম্বাই ভৰি পৰিছে।

একপিনে সেনাৰ নামত ভোটৰ ৰাজনীতি কৰা আৰু আনপিনে ৰাফেলৰ নামত কেলেংকাৰী সংঘটিত কৰাসকলৰ পৰা সাৱধান হ'বলৈ এন ৰামে আহ্বান জনাইছে। দেশত এতিয়া অঘোষিত জৰুৰী অৱস্থা বিৰাজ কৰা বুলি এন ৰামে মন্তব্য কৰিবলগা হোৱাটো সাধাৰণ কথা নহয়। অলপতে স্থানীয় নিউজ চেনেল এটাত টক শ্ব'ত অংশ ল'বলৈ যাওঁতে বিজেপি-আৰ এছ এছৰ ওচৰৰ মানুহ এজনে কৈছিল- টিভি আৰু বাতৰিকাকতত বিজেপি-আৰ এছ এছৰ বিৰোধ কৰা দুজনমান নৱাগত বুদ্ধিজীৱী আৰু চিন্তানায়কে কেনেকৈ নিশা গেৰুৱা দলৰ নেতা-শীৰ্ষ পদবীধাৰীলৈ ফোন কৰি ঘনিষ্ঠতা ৰক্ষা কৰি থাকিব বিচাৰে। সংঘ পৰিয়ালৰ উক্ত মানুহজনে এওঁলোকৰ মুখাবোৰ খুলি দিবলৈ মন যায় বুলিও আমাৰ সকলোৰে সমুখত কৈছিল।

বিশেষ দুজনমান তলে পুতল আৰু টিভিয়ে সৃষ্টি কৰা বুদ্ধিজীৱী-চিন্তানায়কৰ নামবোৰো আমাৰ আগত সেইদিনা কৈ দিছিল। অসমত এতিয়া এনেকুৱা বহু টিভিসৃষ্ট বুদ্ধিজীৱী আছে, যি চল চাই কঠীয়া পাৰে। বতাহ যি ফালে বয়, সেইপিনেই এওঁলোকে নাও মেলি দিয়ে। বতাহৰ সোঁত ধৰিব নোৱাৰিলে চকুত পৰাকৈ নিৰপেক্ষ হয়। নিৰ্বাচনত যিটো দলে চৰকাৰ গঠন কৰিব সেই দলৰ সমৰ্থনত মুকলিকৈ মাত দিবলৈকো এওঁলোকে লাজ অনুভৱ নকৰে। এতিয়া ভিতৰি বিজেপি কৰা এনেকুৱা বুদ্ধিজীৱীয়ে তেতিয়া মুকলিকৈ প্ৰয়োজনত কংগ্ৰেছ কৰিবলৈকো কুণ্ঠাবোধ নকৰিব। এনেকুৱা সুবিধাবাদীৰ ভিৰৰ মাজত এন ৰামৰ ভূমিকা আৰু সাহসক সন্মান নজনোৱাকৈ থাকিব পাৰি জানো?

Your Comments