সাবিত্ৰী

সাবিত্ৰী

সাবিত্ৰী

(নাৰী দিৱসৰ শুভেচ্ছাৰে)

মই বিশ্বাস নকৰো সাবিত্ৰী

যে তুমি তোমাৰ মৃত স্বামীৰ

প্ৰাণ ফিৰাই আনিছিলা

তুমি জানানে, তোমাৰ এই কাহিনী

যাৰ কোনো প্ৰমাণ নাই

সিয়ে নাৰীৰ জীৱন নৰক কৰি তুলিছে৷

প্ৰতিনিয়ত নাৰীয়ে যুঁজিব লাগে

তোমাৰ মিছা অহমিকাৰ বিৰুদ্ধে

যিমান দিন নাৰী জীয়াই থাকিব

তোমাৰ এই অসত্য কাহিনী

নাৰীয়ে কঢ়িয়াই ফুৰিব লাগিব

মৃত শৰ দৰে৷

মোৰ স্বামীৰ ওচৰত মই যিমান প্ৰিয়

তাতকৈ বহু বেছি সাবিত্ৰী হৈ আছো

মোৰ পুৰুষে নাম ৰাখিছে সাবিত্ৰী

যাৰ আঁৰত মোৰ নাৰীত্ব চেপা খাই আছে৷

নাৰীয়ে তেওঁৰ পুৰুষক ভালপায়

কিন্তু তোমাৰ দৰে মৃতকৰ দেহলৈ

প্ৰাণ আনিব নোৱাৰে

সেয়ে নাৰীক সিহঁতে সতী সজাই

দুৰ্বিষহ কৰি তোলে নাৰীৰ জীৱন৷


(মূল মিলি মুখাৰ্জীৰ বাংলা কবিতা, অনুবাদ মুকুল কলিতা)


 

Your Comments