নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্ৰতিবেদন:
নলবাৰী জিলাৰ হাজো- নলবাৰী পথৰ এলেংগীদলৰ মূল পথৰ পৰা তিলানা গাঁও সংযোগী পথটোৰ ভয়ংকৰ অৱস্থা দেখি মূৰে-কপালে হাত দিছে ৰাইজে । বিগত দুদিনমানৰ বৰষুণৰ বাবেই পথটোৰ ৯০ শতাংশ অংশ বোকাময় হৈ পৰিছে।যাৰ বাবে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে ৷ পথৰ দুৰাৱস্থাৰ বাবেই এতিয়া চাইকেল নাইবা সাঙি কৰি ৰোগীক নিব লাগে চিকিৎসালয়লৈ। ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ আছে যদিও পথটোৰ দুৰৱস্থাৰ বাবে আহিব নোৱাৰে ।স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিগত সময়ত পথটো নিৰ্মাণ কৰা হৈছিল যদিও ঠিকাদাৰ- বিষয়াই ভাগ-বতৰা কৰি ধনৰ সিংহভাগ আত্মসাৎ কৰে ৷ জনপ্ৰতিনিধিগৰাকীয়ে নিজৰ মনপছন্দৰ ঠিকাদাৰক কামৰ দাযি়ত্ব দিয়া বাবে নিম্নমানৰ পথ নিৰ্মাণ কৰিলেও চকু মুদা কুলিৰ ভাও ধৰে বুলি ৰাইজে অভিযোগ কৰে ৷ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ ৭ নং পূব বাহঁজানী গাঁও পঞ্চায়ত অধীনৰ তিলানা গাৱঁৰ পথটো পকী কৰাৰ বাবে স্থানীয় ৰাইজে স্থানীয় বিধায়কৰ লগতে চৰকাৰক আবেদন-নিবেদন জনাই আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ পঞ্চায়তক বহুবাৰ অৱগত কৰাৰ পিছত কিছু বছৰ পূৰ্বে শিল ছটিয়াই দায়িত্ব সামৰে পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীয়ে। বিধাযকজনক বহুবাৰ পথটো সন্দৰ্ভত অৱগত কৰাৰ পিছতো বিধায়কজনে বৰ্তমানলৈকে গুৰুত্ব আৰোপ কৰা নাই৷ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰ কৰিব অহাৰ সময়ত দেখা পোৱা বিধায়কজনক নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত চেহেৰাই দেখা পোৱা নাই বুলি ক্ষোভ উজাৰিছে ৰাইজে। এজাক বৰষুণতে পথটোৰ অৱস্থা অতি শোচনীয় হোৱাৰ ফলত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে স্থানীয় ব্যৱসায়ী-চাকৰিয়াল আদিয়ে হাৰাশাস্তি ভোগ কৰি আহিছে।
- Log in to post comments
- 20 views