কপাহেৰাত  চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান 

sulai

মৰিগাঁৱৰ পৰা জিতুমণি নাথ : সোমবাৰে মিকিৰভেটা থানাৰ অন্তৰ্গত নিজ কপাহেৰা আৰু পলাহগুৰিত মৰিগাওঁ আবকাৰী বিভাগ আৰু মিকিৰভেটা আৰক্ষীয়ে চলোৱা এক অৰ্তকিত অভিযানত তিনিশ লিটাৰ  চুলাই মদ আৰু বৃহৎ পৰিমাণৰ প্ৰস্তুত কৰণ  সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হয়। মৰিগাঁও জিলা আবকাৰী বিষয়া মুছাৰব হুছেইন, মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পলাশ আহোম আৰু মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিতাভ শেনচোৱাৰ  নেতৃত্বত চুলাই মদৰ বিৰুদ্ধে চলোৱা অভিযানকালত নিজ কপাহেৰা আৰু পলাহগুৰিৰ পৰা  ৩০০ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ লালী গুড়সহ প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হয় । স্থানীয় ৰাইজ আৰু সচেতন নাগৰিকে সহযোগিতা আগবঢ়োৱা জিলা প্ৰশাসনৰ এই অভিযানৰ মাজতে কেইদিনমান পূৰ্বে অভিযান চলোৱা বৰমানিপুৰ আৰু  গা-সজুৱাটো পুনৰ অভিযানকাৰী দলটোৱে অভিযান চলায়। অভিযানকালত দলটোৱে পূৰ্বে  প্ৰস্তুত কৰা চুলাই মদৰ ঘাটিসমূহ পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰা বুলি জানিব পৰা গৈছে।

Your Comments