অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বুধবাৰে এক যোগদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত শংকৰ-মাধৱ একাডেমিত অনুষ্ঠিত যোগদান অনুষ্ঠানত উদীয়মান যুৱক যোগেন্দ্ৰ বৰ্মন আৰু ৰঞ্জিত ৰায়ৰ নেতৃত্বত বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধ শতাধিক যুৱকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত যোগদান কৰে ৷ ইপিনে সংগঠনটোত নতুনকৈ সদস্য যোগদান কৰাত যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও আঞ্চলিক সমিতিখনো পুনৰ গঠন কৰা হয় ৷
সেই অনুসৰি যোগেন্দ্ৰ বৰ্মনক সভাপতি, প্ৰীতাম্বৰ বৰ্মন আৰু চন্দন ৰায়ক উপ-সভাপতি, ৰঞ্জিত ৰায়ক সাধাৰণ সম্পাদক তথা বনঞ্জিত বৰ্মন আৰু ভাৰত আলী শ্বেখক যুটীয়া সম্পাদক হিচাপে লৈ সৰ্বসন্মতি ক্ৰমে ৫১ জনীয়া শক্তিশালী বঙাইগাঁও আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷ অনুষ্ঠানত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি মনোৰঞ্জন ভাগৱতী, যুটীয়া সম্পাদক দেৱজিত ৰায় আদি উপস্থিত থাকে ৷
- Log in to post comments
- 4 views