বঙাইগাঁও জিলাৰ বইটামাৰী অঞ্চলৰ প্ৰবীণ শিল্পী তথা সমাজকৰ্মী ধনঞ্জয় নাথৰ আজি বিয়লি ৫.৩০ বজাত নিজা বাসভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬২ বছৰ। জানিব পৰা মতে, লোকজন দীৰ্ঘদিনৰ পৰা মধুমেহ ৰোগত ভুগি আছিল। শেহতীয়াকৈ অসম তথা বহিঃৰাজ্যতো চিকিৎসা গ্ৰহণ কৰিছিল লোকজনে। কিন্তু আজি জীৱন যুঁজৰ লগত হাৰ মানিলে শিল্পীজনে। উল্লেখ্য যে ভাটখাণ্ডে লক্ষ্ণৌ সংগীত কলেজৰ পৰা এম মিউজ ডিগ্ৰী গ্ৰহণ কৰা শিল্পীগৰাকী ধ্ৰুপদী সংগীত, গোৱালপৰীয়া লোকগীত আৰু নৃত্যৰ লগত দীৰ্ঘকাল জড়িত আছিল। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নৃত্য-গীত পৰিৱেশন কৰি ব্যাপক সমাদৰ লাভ কৰিছিল।
তেওঁ অসমৰ বিভিন্ন ঠাইত আন বহুতকে সংগীত-নৃত্যৰ প্ৰশিক্ষণ দিছিল। তেখেতৰ প্ৰশিক্ষাৰ্থীসকলেও বিভিন্ন ৰাজ্যত সুনাম কঢ়িয়াই আছে। এনে এজন আজীৱন সংগীত-নৃত্য সাধকৰ অকাল মৃত্যুত আজি অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰে। সামাজিক আন অনুষ্ঠানৰ সৈতেও জড়িত আছিল নাথ। বইটামাৰী আঞ্চলিক ৰঙালী বিহুৰ লগত বহু বছৰৰ পৰা জড়িত আছিল। কিন্তু আজীৱন সংগীত সাধনা কৰা শিল্পীগৰাকীয়ে নাপালে শিল্পী পেঞ্চন অথবা চৰকাৰী বিশেষ সন্মান। বঞ্চিত হ'ল প্ৰবীণ শিল্পীগৰাকী। মৃত্যুৰ সময়ত নাথে পত্নী, দুই পুত্ৰ আৰু আন আত্মীয়-কুটুম্বক এৰি থৈ যায়।
- Log in to post comments
- 100 views