আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত 'গুণগত মানৰ বীজ উৎপাদন' শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত 'গুণগত মানৰ বীজ উৎপাদন' শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

বটদ্ৰৱাৰ পৰা মানসজ্যোতি মহন্ত

নগাঁৱৰ চিলঙনীস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত অসম কৃষি বাণিজ্যিকীকৰণ আৰু গ্ৰাম্য ৰূপান্তৰকৰণ আঁচনি চমুকৈ 'এপাৰ্ট'ৰ সহযোগত আজি নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী খলিহামাৰীত 'গুণগত মানৰ বীজ উৎপাদন' শীৰ্ষক এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰশিক্ষণ শিবিৰটোৰ আঁতধৰি আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, চিলঙনীৰ প্ৰবীণ বিজ্ঞানী ডঃ পংকজ কুমাৰ দেৱচৌধুৰীয়ে ধানৰ উন্নত মানৰ বীজৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত 'গুণগত মানৰ বীজ উৎপাদন' শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ডঃ পুতুল চন্দ্ৰ শৰ্মাই প্ৰশিক্ষণটি কৃষি গৱেষণা কেন্দ্ৰ, চিলঙনীৰ দ্বাৰা জিলাখনৰ বটদ্ৰৱা, ধিং, কন্দলি, জুৰীয়া, বেঙেনাআটী, আউনীআটী, বৰকলা, বালিসত্ৰ, কলিয়াবৰ, ৰাইডঙীয়া আদি বিভিন্ন ঠাইত বৰ্তমান বৰোধান খেতিৰ বতৰত 'বিনা ২' নামৰ উন্নত জাতৰ ধানৰ প্ৰদৰ্শনীমূলক কাৰ্যপ্ৰণালীৰ বিৱৰণ দিয়াৰ লগতে এপাৰ্টৰ জৰিয়তে সম্প্ৰতি প্ৰদৰ্শিত হৈ থকা কাৰ্যকৰী মানৰ কৃষি সঁজুলিৰ ব্যৱহাৰৰ ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি এপাৰ্টৰ বিষেশজ্ঞ বিজ্ঞানী ডঃ ৰাহুল প্ৰিয়দৰ্শনীয়ে ধানৰ গুণগত বীজ উৎপাদনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰে। এপাৰ্টৰ প্ৰকল্প সহায়ক ডঃ শৰ্মি গগৈ, বিষেশজ্ঞ অজিত বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত অঞ্চলটোৰ শতাধিক কৃষকে মত বিনিময় কৰে।

Your Comments