চিৰাং জিলাৰ বিজনী মহকুমাৰ সংবাদকৰ্মীসকলৰ অনুষ্ঠান বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ কাৰ্যালয়ত দেওবাৰে আবেলি লেখক-গীতিকাৰ তথা ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ৰায়ৰ 'তোমাৰ জীৱন ফুলে ফুলে হওক মধুময়' শীৰ্ষক এখন গীতৰ কিতাপ উন্মোচন কৰা হয়৷ বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিজনী মহকুমাৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই৷
বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়ে আঁতধৰা অনুষ্ঠানত 'তোমাৰ জীৱন ফুলে ফুলে হওক মধুময়' কিতাপখন উন্মোচন কৰে বিজনী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ নাথ মেধিয়ে৷ গীতৰ কিতাপখন উন্মোচন কৰি দিয়া ভাষণত শিক্ষাবিদ ধীৰেন্দ্ৰ নাথ মেধিয়ে বিৰাজ মোহন ৰায়ে ছাত্ৰাৱস্থাৰ পৰা বিভিন্ন বাতৰি কাকত-আলোচনীত বিভিন্ন তত্ত্বগধুৰ লেখনিৰে সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে সমাজ জীৱনত এগৰাকী দিক্দৰ্শক নাগৰিক হিচাপে কাম কৰি আহিছে বুলি মত ব্যক্ত কৰে৷
অসমৰ লব্ধ প্ৰতিষ্ঠিত সাহিত্যিকৰ সম্পাদিত কাকত-আলোচনীত সত্তৰ দশকতে প্ৰকাশ পোৱা গীতসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা এই গীতৰ কিতাপখনৰ বিষয়ে বিৰাজ মোহন ৰায়ে চমু বক্তব্য আগবঢ়োৱাৰ লগতে দুটি গীতো অনুষ্ঠানত পৰিৱেশন কৰে৷ অনুষ্ঠানত বিজনীৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই বিৰাজ মোহন ৰায়ক তেওঁৰ প্ৰকাশিত প্ৰৱন্ধসমূহৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰিবলৈ আহ্বান জনাই অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়৷
অনুষ্ঠানত বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ উপদেষ্টা নৃপেন্দ্ৰ নাৰায়ণদেৱ মিশ্ৰ, সমাজকৰ্মী ৰবীন্দ্ৰ নাথ দাসেও চমু ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ সভাপতি সুনীল কুমাৰ শৰ্মা, চিআৰপিএফৰ ১৫৬ নম্বৰ বেটেলিয়নৰ পৰিদৰ্শক অৰুণ চন্দ্ৰ শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিৰাজ মোহন ৰায়ৰ কে'বাজনো বন্ধুসহ সংবাদকৰ্মীসকল উপস্থিত থাকে৷
- Log in to post comments
- 13 views