বঙাইগাঁও জিলাত সঘনাই হৈ থকা পথ দুৰ্ঘটনা সন্দৰ্ভত ইয়াৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায় বিচাৰি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত দেওবাৰে জিলাখনৰ বিভিন্ন দুৰ্ঘটনা প্ৰৱণ এলেকাত পথ সভা অনুষ্ঠিত কৰা হয়৷ সেইমৰ্মে জিলাখনৰ ডাঙাইগাঁও বজাৰ, ৰাখালডুবি তিনিআলি, শিঙিমাৰি আৰু গাৰো দোকান এলেকাত স্থানীয় ৰাইজৰ উপস্থিতিত পথ সভা অনুষ্ঠিত কৰি ৰাইজৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে দুৰ্ঘটনা এৰাই চলাৰ বাবে সততে মানি চলিবলগীয়া নিৰ্দেশাৱলী সন্দৰ্ভত ৰাইজক সজাগ কৰা হয়৷ জিলাখনৰ ডাঙাইগাঁও বজাৰত অনুষ্ঠিত কৰা প্ৰথমখন পথ সভাত উপস্থিত থকা আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পাৰ্থজিৎ ৰায়, ৰুবুল আলী মণ্ডল, গোলক চন্দ্ৰ দাসৰ লগতে স্থানীয় ৰাইজে বজাৰ এলেকাৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাৰ্ভিচ ৰোডৰ আৱশ্যক বুলি জনায়।
তদুপৰি, জধেমধে ট্ৰাক ৰখোৱাৰ বাবেও দুৰ্ঘটনা হোৱা বুলি ৰাইজে জানিবলৈ দিয়ে। সেইদৰে ডাঙাইগাঁৱৰ ওচৰত ৰোড ক্ৰছিং আৰু গেৰুকাবাৰী চ'কত যান-বাহন নিয়ন্ত্ৰণৰ সুব্যৱস্থা কৰিলে দুৰ্ঘটনা ৰোধ কৰিব পৰা যাব বুলি স্থানীয় ৰাইজে মত পোষণ কৰে। লগতে পথৰ ওচৰতে বজাৰ হোৱাৰ বাবেও পথ দুৰ্ঘটনা হয় বুলি কয়৷ স্থানীয় ৰাইজে লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ সেই অঞ্চলখিনিত গতিৰোধক ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰো কথা কয়৷ ইফালে ইয়াৰ পিছতে ৰাখালডুবি তিনিআলিত দ্বিতীয়খন পথ সভা অনুষ্ঠিত হয়৷ সভাত উপস্থিত ৰাইজৰ হৈ ৰবীন বৰ্মন, জগদ্বীশ বৰ্মন, উপেন চন্দ্ৰ বৰ্মন আদিয়ে উক্ত স্থানত অপৰ্যাপ্ত পোহৰ, অপৰ্যাপ্ত যান-বাহন আৰক্ষী, ছাইড বামৰ অভাৱ আৰু বাছ ৰখোৱা ঠাইৰ অভাৱৰ বাবে সঘনাই দুৰ্ঘটনা হোৱা বুলি উল্লেখ কৰে৷
ৰাখালডুবিত উপযুক্ত ছাইনবোৰ্ড, তিনিআলিটোৰ তিনিটা দিশত স্পষ্টকৈ ছাইনবোৰ্ডৰ ব্যৱস্থা, ফ্লাইঅ'ভাৰৰ ব্যৱস্থা, ছাইড বামৰ ব্যৱস্থা, পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা, তিনিও দিশৰ পৰা অহা বাছ ৰখাৰ বাবে নিৰ্দিষ্ট স্থানৰ ব্যৱস্থাৰ লগতে যাত্ৰী জিৰণিচ'ৰাৰ ব্যৱস্থা আদি কৰিলে ৰাখালডুবিত বহুপৰিমাণে দুৰ্ঘটনা হ্ৰাস কৰিব পৰা যাব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। তদুপৰি, তাত যান-বাহন নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন অনুপাতে যান-বাহন আৰক্ষীও নিয়োগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে প্ৰশাসনক আহ্বান জনায়৷ আনহাতে, এইখন সভাৰ অন্তত শিঙিমাৰিত অনুষ্ঠিত হয় তৃতীয়খন পথ সভা৷ শিঙিমাৰী উচ্চ বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সভাত নবীন চন্দ্ৰ ৰায়, অৰুণ কুমাৰ ৰায় আদিকে ধৰি উক্ত এলেকাৰ ৰাইজে পথ নিৰ্মাণৰ কাৰিকৰী বিজুতি, ধাবাবিলাকত অবাধ মদ বিক্ৰী, তীব্ৰ গতিত গাড়ী চলোৱা, কম বয়সৰ ল'ৰাই বাইক চলোৱা, আৰক্ষীৰ নিয়ন্ত্ৰণহীনতা, বাইক চলোৱাৰ সময়ত মোবাইল ব্যৱহাৰ কৰা আৰু বৰ্তমানে মেৰামতি কৰিবলগীয়া হৈ থকা ঠেংকটা দলঙৰ বাবে বৰ্তমানে শিঙিমাৰি এলেকাত দু্ৰ্ঘটনা সংঘটিত হৈ আছে বুলি কয়। শিঙিমাৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা এই বিদ্যালয়খনৰ ওচৰতো দুৰ্ঘটনা হয়।
সেয়ে বিদ্যালয়খনৰ সন্মুখৰ পথত গতিৰোধকৰ প্ৰয়োজন বুলি কয়৷ আনহাতে, উপপথবিলাক মেৰামতি নকৰাৰ বাবে ৰাইজে যিসমূহ ঠাইলৈ উপপথেৰেই গ্ৰামাঞ্চলৰ মাজেৰে যাব পাৰে, সেয়া সম্ভৱ হৈ নুঠাত সকলোৱে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাবলৈ বাধ্য হোৱাত পথত যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতো ঘাইপথত দু্ৰ্ঘটনা সংঘটিত হয় বুলি কয়৷ গতিকে উপপথবিলাক মেৰামতি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথত গাড়ীৰ সংখ্যা কমি যাব আৰু তেনেক্ষেত্ৰত দুৰ্ঘটনাও হ্ৰাস পাব বুলি পৰামৰ্শ আগবঢ়ায়৷ ঘাইপথত অত্যধিক গাড়ীৰ সংখ্যাৰ বাবেও দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি কৈ এই ক্ষেত্ৰত উপপথসমূহৰ মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ ওপৰত গুৰুত্বাৰোপ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়৷
ৰাইজে ঠেংকটা দলং মেৰামতি কৰাৰ লগতে ধাবাবিলাক নিয়ন্ত্ৰণ কৰিলে, ঘাইপথত উচ্চ মানদণ্ডৰ ৰিফ্লেক্টৰ লগালে, আৰক্ষী আৰু প্ৰশাসনে বিষয়সমূহত নজৰ দিলে, ঘাইপথৰ কাৰিকৰী বিজুতি নাইকিয়া কৰিলে, বিদ্যালয়ৰ সন্মুখত সংকেত সম্বলিত ছাইনবোৰ্ড লগালে তথা কম বয়সৰ ল'ৰাই বাইক চলোৱা নিয়ন্ত্ৰণ কৰিলে শিঙিমাৰী এলেকাৰ লগতে জিলাখনতে দুৰ্ঘটনা বহুপৰিমানে প্ৰতিৰোধ কৰিব পৰা যাব বুলি স্থানীয় ৰাইজে অৱগত কৰে। আনহাতে, গাৰো দোকান এলেকাত অনুষ্ঠিত চতুৰ্থখন পথ সভাত হৰিদাস সৰকাৰ, ৰবি ৰায়ৰ লগতে ৰাইজে উক্ত এলেকাটোৰ পথ ঠেক হোৱা কাৰণেই সঘনাই দুৰ্ঘটনা সংঘটিত হয় বুলি কৈ পথ বহলকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়৷ লগতে ঘাইপথৰ লগতে বজাৰ বহা বাবেই পথছোৱা ঠেক হৈ পৰা বুলি কৈ এই ক্ষেত্ৰতো বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়৷ পথৰ দুয়োকাষে ছাইড বাম নথকাৰ বাবেও অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হয় বুলি কয়৷ উল্লেখ্য যে ৰাইজৰ দিহা-পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ পিছত পথ সভাসমূহত উপস্থিত থকা বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই ৰাইজক উদ্দেশ্যি কয় যে যিবিলাক কাৰণত দুৰ্ঘটনা সংঘটিত হয় সেইবিলাকৰ বিপৰীতে জিলা প্ৰশাসনে ব্যৱস্থা লৈ আহিছে। এইক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতা নিতান্তই প্ৰয়োজন। যদি কোনোবাই ভুল দিশত গাড়ী চলায়, যদি কোনোবাই ৰাষ্ট্ৰীয় ঘাইপথৰ মধ্যমস্থান মুকলি কৰে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে ৰাইজে এজাহাৰ দিব লাগিব।
লগতে ৰাইজৰ দিহা-পৰামৰ্শসমূহ চালি জাৰি চাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়৷ সেইদৰে জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই ৰাইজক উদ্দেশ্য কৰি কয় যে দু্ৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজ সজাগ হ'ব লাগিব। বাইক চলাওঁতে হেলমেট পিন্ধিব লাগিব, গাড়ী চলাওঁতে ছীটবেল্ট মাৰিব লাগিব। শুদ্ধ দিশেৰে নিৰ্দিষ্ট গতিবেগত গাড়ী চলাব লাগিব। অভিভাবকে কম বয়সৰ সন্তানক বাইক কিনি দিব নালাগিব। তেওঁ আৰু কয় যে যান-বাহন আইন নামানিলে জৰিমনাৰ উপৰি গাড়ীচালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰো ব্যৱস্থা আছে। কিবা অভিযোগ থাকিলে ৰাইজে জিলা পৰিবহণ বিষয়াক লিখিতভাৱেও কাৰ্যালয়ত জনাব পাৰিব বুলি কয়৷
আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক ধ্ৰুৱজ্যোতি বৰাই ৰাইজৰ মতামত অনুসৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷ পথ সভাৰ আঁত ধৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক উপানন্দ শৰ্মাই। পথ সভাকেইখনত প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়ৰ লগতে আন সদস্যসকল আৰু বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সদস্য, গড়কাপ্তানী পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকল, সহকাৰী আয়ুক্ত জিতু বৰ্মন, উপ-আৰক্ষী অধীক্ষক মৈত্ৰেয়ী ডেকা উপস্থিত থাকি ৰাইজৰ তৰফৰ পৰা উত্থাপন কৰা বিষয়সমূহ সমাধানৰ আশ্বাস দিয়ে৷ সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনুৰাণী ৰাজবংশীও উপস্থিত থাকে। অহা ২৬, ২৭ আৰু ২৯ মাৰ্চত মাণিকপুৰ, অভয়াপুৰী আৰু বইটামাৰীত সজাগতা সভা অনুষ্ঠিত হ'ব৷
- Log in to post comments
- 16 views