গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
কৃষি প্ৰধান ৰাজ্য অসমত থলুৱা কৃষকক মাধমাৰ মাৰি মধ্যভোগীয়ে গ্ৰাস কৰা বজাৰত এক নতুন দিগন্তৰ সূচনা কৰিছে গোলাঘাটৰ কেইজনমান উদ্যমী যুৱকে। উচিত মূল্যৰ পৰা সদায় বঞ্চিত হৈ অহা অসমীয়া কৃষকৰ কষ্টৰ ফচল বিক্ৰীৰ বাবে গোলাঘাটৰ এইকেইজন শিক্ষিত যুৱকে আৰম্ভ কৰিলে এখন থলুৱা কৃষকৰ বজাৰ।
য'ত কোনো কৰ নিদিয়াকৈ কৃষকে বিক্ৰী কৰিব পাৰিব নিজা উৎপাদিত শাক-পাচলি, ফল-মূল, থলুৱা মাছ-মাংস আদি। উল্লেখ্য যে, এই বজাৰত বিক্ৰী কৰা শাক-পাচলি, ফল-মূলত নাথাকিব কোনো কীটনাশক ঔষধ বা ৰাসায়নিক সাৰ। বৰ্তমান সময়ত কীটনাশক ঔষধ বা ৰাসায়নিক সাৰ অত্যাধিক প্ৰয়োগ কৰা কৃষিজাত সামগ্ৰীৰ বজাৰত মানুহক একপ্ৰকাৰ পংগু কৰি অনা সময়ত বা থলুৱা কৃষকক উচিত মূল্য দিয়া আৰু নিবনুৱা যুৱকক উৎসাহ যোগাবৰ বাবে লোৱা এই প্ৰচেষ্টাক নেতৃত্ব দিছে গোলাঘাটৰ কেইজনমান শিক্ষিত যুৱকে৷
তেওঁলোক হৈছে মানস চলিহা, শেখৰ ঠাকুৰ, অংকুৰ দত্ত, কৌস্তভ শইকীয়া, নিতুল শইকীয়া আৰু ৰাজন শইকীয়া আদি। তেওঁলোকৰ এই আন্তৰিক প্ৰচেষ্টাক গোলাঘাটৰ ৰাইজে আদৰি ল'ব বুলি আশাবাদী যুৱককেইজন।
- Log in to post comments
- 17 views