কাছাৰৰ পৰা বিক্ৰম দাস
কাছাৰ জিলা উপায়ুক্ত লায়া মাদ্দুৰীয়ে দেওবাৰে কাটিগড়া বিধানসভা সমষ্টিৰ অন্তর্গত ভাৰত-বাংলাদেশ সীমান্তৰ কাঁটাতাঁৰৰ বেৰ সংলগ্ন অঞ্চল পৰিদর্শন কৰে৷ জিলা উপায়ুক্তক সংগ দিয়ে কাছাৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্তই৷ জিলা উপায়ুক্তই হৰিনগৰ সীমান্তৰ আউটপোষ্ট তথা নাথানপুৰ অঞ্চলৰ জনসাধাৰণৰ সৈতে অঞ্চলটোৰ বিভিন্ন সমস্যাক লৈ আলোচনা কৰে৷ আলোচনাকালত বিএছএফৰ বিষয়াসকলো উপস্থিত থাকে৷ তেওঁলোকে সীমান্তৰ ভাৰতীয় দিশৰ ন'-মেন্ছ লেণ্ডৰ খা-খবৰ লয়৷ জিলা উপায়ুক্ত মাধুৰীয়ে স্থানীয় জনসাধাৰণক আসন্ন নির্বাচনত তেওঁলোকে ভোটাধিকাৰ প্রয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
- Log in to post comments
- 19 views