দিব্যাংগসকলৰ মাজত ভোটাৰ সাক্ষৰতা অভিযান

logo

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে গোলাঘাট জিলা প্ৰেক্ষাগৃহত দিব্যাংগসকলৰ মাজত ডিজিটেল ভোটাৰ সাক্ষৰতা শিৱিৰ অনুষ্ঠিত হয়। শিৱিৰ মুকলি কৰি গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেণ হাজৰিকাই কয় যে, দেশৰ প্ৰতিজন প্ৰাপ্তবয়স্ক ভোটাৰৰে ভোটদানত সমঅধিকাৰ আছে।

দিব্যাংগসকলো একোজন ভোটাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতিৰ আধাৰত এইবাৰ দিব্যাংগ ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনে যাৱতীয় পদক্ষেপ হাতত লৈছে। প্ৰয়োজনত দিব্যাংগসকলক অনা-নিয়া কৰিবৰ বাবে বাহনৰো ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে৷ 

লগতে ইভিএম, ভিভি পেট, বিভিন্ন তথ্য প্ৰযুক্তিগত উপকৰণৰ সম্পৰ্কত দৃশ্য-শ্ৰাব্য মাধ্যমৰ লগতে ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হ'য়। শিৱিৰত জিলা নিৰ্বাচন বিষয়া কোকিলা গগৈ, সহকাৰী আয়ুক্ত পাপু গগৈ, নিৰ্বাচনী প্ৰশিক্ষক আক্ৰাম হুছেইন, উজনি অসম প্ৰতিবন্ধী সন্থাৰ বিষয়ববীয়াৰ হৈ বিশ্ব বিজয় বৰা উপস্থিত থাকে।

Your Comments