মৰিগাঁৱৰ পৰা জিতুমনি নাথ
মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে চলি থকা তীব্ৰ অভিযানৰ মাজতে আজি মিকিৰভেটা থানাৰ অন্তৰ্গত জাজৰি সমীপৰ বৰমানিপুৰত বৃহৎ পৰিমাণৰ চুলাই মদ আৰু প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
মিকিৰভেটা ৰাজহচক্ৰৰ চক্ৰ বিষয়া পলাশ আহোম আৰু মৰিগাঁও উপ-আৰক্ষী অধীক্ষক লুইত তালুকদাৰৰ নেতৃত্বত চুলাই মদৰ বিৰুদ্ধে চলা অভিযান কালত বৰমানিপুৰত প্ৰায় ৮০০ লিটাৰ চুলাই মদ আৰু প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস কৰে। স্থানীয় ৰাইজ আৰু সচেতন নাগৰিকে সহযোগিতা আগবঢ়োৱা জিলা প্ৰশাসনৰ এই অভিযানৰ মাজতেই গা-সজুৱা চাৰিআলিত অবৈধভাৱে মজুত কৰি ৰখা এখন দোকানৰ পৰা ২০০ লিটাৰ বিলাতী সুৰা জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষী দলটোৱে।
এক গোপন খবৰৰ ভিত্তিত অতি পৰিকল্পিত ভাৱে আৰক্ষীয়ে চলোৱা এই অভিযানত স্থানীয় সচেতন নাগৰিকৰ লগতে মিকিৰভেটা থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিতাভ শেনচোৱা, বৰিবজাৰ আৰক্ষী চকীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰেমানন্দ ডেকাকে আদি কৰি আৰক্ষী প্ৰশাসনৰ ভালেকেইজন বিষয়াই সহযোগীতা কৰে। তদুপৰি জিলা প্ৰশাসনে মৰিগাঁও জিলা ভিতৰুৱা অঞ্চলটোত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱাৰ অভিযানক স্থানীয় ৰাইজে প্ৰশংসা কৰাৰ লগতে অঞ্চলটোৰ বহু সংখ্যক মহিলাইও সহযোগীতা আগবঢ়ায়।
- Log in to post comments
- 11 views