চেঙাৰ পৰা সুৰজিৎ পাঠক
বৰপেটা জিলাৰ চেঙা মুছলমান গাঁৱৰ সমাজকৰ্মী, সৰবৰহী ব্যক্তি ছাহজাহান আলী তালুকদাৰৰ (৫৮) মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। বৃহস্পতিবাৰে নিশা প্ৰায় ৯.৪৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। আজি কিছুদিন ধৰি হাওঁফাওঁজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল প্ৰয়াত তালুকদাৰে। বৰপেটা গ্ৰাম্য পথ উপ-সংমণ্ডলৰ উপ-অভিযন্তা (প্ৰথম বৰ্গ) হিচাপে কৰ্মৰত আছিল প্ৰয়াত তালুকদাৰ। তালুকদাৰে জীৱিতকালত বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত আছিল। চেঙা দাৰুল উলুম হাফিজীয়া মাদ্ৰাছাৰ সম্পাদক হিচাপে তেওঁ তিনি বছৰ দায়িত্ব পালন কৰিছিল। আজি দুপৰীয়া জুম্মাৰ নামাজৰ পিছত সহস্ৰাধিক লোকৰ উপস্থিতিত প্ৰয়াত তালুকদাৰৰ জানাজা সম্পন্ন হয়।
মৃত্যুৰ সময়ত তালুকদাৰে পত্নীসহ দুগৰাকী পুত্ৰ, এগৰাকী জীয়ৰী, বোৱাৰী, মাতৃ আৰু আত্মীয়-স্বজনক এৰি থৈ যায়। প্ৰয়াত তালুকদাৰৰ মৃত্যুত সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতি, চেঙা মুছলমান গাঁও উন্নয়ন সমিতি, চেঙা হাফিজীয়া মাদ্ৰাছা, চেঙা আঞ্চলিক ছাত্ৰ সন্থা, চেঙা উদীয়মান যুৱ সংঘই শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
- Log in to post comments
- 12 views