অগপ-বিজেপিৰ মিত্ৰতা এক অনৈতিক মিত্ৰতা : গৌৰৱ গগৈ 

gg

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা


১১ এপ্ৰিলত হ'বলগীয়া কলিয়াবৰ সংসদীয় সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নগাঁৱত মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ আজি পুৱাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ বটদ্ৰৱা থানত সেৱা নিবেদন কৰি থান চৌহদৰ বাহিৰত সংবাদ মাধ্যমৰ কেইবাটাও প্ৰশ্নৰ মুখামুখি হৈ নিজৰ মন্তব্য প্ৰকাশ কৰে৷ 

বিজেপি লগত অগপৰ পুনৰ মিত্ৰতা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈ কয়- 'অগপ-বিজেপিৰ মিত্ৰতা এক অনৈতিক মিত্ৰতা ৷ একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত মন্ত্ৰী পদৰ স্বাৰ্থত অগপ দলৰ কেইজনমান নেতাই অসমৰ ৰাইজক চূড়ান্তভাৱে বিশ্বাসঘাটকতা কৰিছে ৷ অগপৰ ইতিহাস পুনৰ ঘূৰি আহিছে, ইতিহাস আছে এওঁলোকে ক্ষমতাৰ বাবে ৰাইজক বিশ্বাসঘাটকতা কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে অগপই বিজেপিৰে মিত্ৰতা ভংগ কৰাটো সম্পূৰ্ণ এখন নাটক আছিল ৷ সেয়া অসমবাসীয়ে এতিয়া ভালকৈ বুজিব পাৰিছে৷ '

এআইইউডিএফ দলৰ লগত ভিতৰি মিত্ৰতা হোৱা বুলি ওলোৱা খবৰ সম্পৰ্কত সোধা প্ৰশ্নত গৌৰৱ গগৈয়ে কয়- নিৰ্বাচনৰ পূৰ্বে এই অপপ্ৰচাৰ আগতো হৈছিল ৷ কিন্তু আমাৰ দলে অন্যান্য বিধায়কৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়াৰ লগতে খোদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰাৰ্থী দি বিজযী হৈছিল ৷ বিজেপি-অগপই অপপ্ৰচাৰৰ সেই নাটকখন আকৌ আৰম্ভ কৰি দিছে ৷ এইবোৰ কথাৰ দ্বাৰা বিজেপি-অগপৰ দুৰ্বলতাহে প্ৰকাশ কৰিছে ৷

তেওঁলোকে এতিয়া মোৰ বিগত কাৰ্যকালৰ কামৰ সন্দৰ্ভত, নতুন সাংসদ হিচাপে লোকসভাত মোৰ পাৰদৰ্শিতাৰ ওপৰত প্ৰশ্ন তুলিব লাগিছিল ৷ কিন্তু নাই মোৰ বিৰুদ্ধে বিৰোধীৰ কোনো ইছু নাই সেয়ে ৰাইজক পুনৰ আবেগিক কৰিবলৈ একুৰিয়ামৰ মাছ, খাল-বিলৰ মাছ এইবোৰ তুলুঙা কথা কৈ আছে ৷ বিজেপিয়ে ক'ব লাগিছিল প্ৰতিশ্ৰুতি দি গাডীত বহি বিগত পাচঁবছৰত অসমৰ পৰা কিমান বিদেশী খেদিলে, কিমান নিবনুৱাক চাকৰি দিলে, কাৰ কাৰ একাউন্টত ১৫ লাখকৈ টকা সোমাল, কেইটা বাংলাদেশীক তালি-টোপোলা বান্ধি খেদি পথিয়ালে ৷' 

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ দি কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে কয়- 'অসমৰ ৰাইজে ইতিমধ্যে ভালদৰে গম পাই গৈছে যে জাতিধ্বংসী নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধ সঁচা অৰ্থত কংগ্ৰেছ দলেহে কৰিছে আৰু কৰি যাব ৷ কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াৰ স্থিতি এই সন্দৰ্ভত স্পষ্ট ৷ অগপৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক এতিয়া গুৰুত্বপূৰ্ণ নহয় ৷

অগপই বিৰোধীতাৰ নামত কৰা নাটকখন সকলোৱে বুজি উঠিলে ৷ বিজেপিয়ে হিন্দু বাংলাদেশীৰ নামত বিদেশী আনিবলৈ কৰা চেষ্ঠা একমাত্ৰ কংগ্ৰেছ দলেহে প্ৰতিহত কৰিব ৷ বিজেপি দলে অসম চুক্তিক মষিমুৰ কৰিবলৈ কৰা অপচেষ্ঠাক কংগ্ৰেছে মষিমুৰ কৰিব ৷ ৰাইজে ভালকৈ বুজি পাইছে যে কংগ্ৰেছ থাকিলেহে অসম চুক্তি থাকিব ৷ অগপৰ বহু নেতা-কৰ্মীয়ে আমাৰ লগত যোগাযোগ কৰিছে ৷ একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত বিজেপিৰে অগপই মিত্ৰতা কৰাৰ সিদ্ধান্ত যে এটা ডাঙৰ ভুল সেয়া অনাগত দিনত প্ৰমাণ হ'ব ৷

Your Comments