আবিৰৰ ৰঙেৰে ভৰি পৰিছে  নগাঁৱৰ বজাৰ 

holi

নগাঁৱৰ  পৰা  ঋতু পৰ্ণ শৰ্মা 

আকৌ  আহি  পালে দেহত আবিৰ সানি আত্মীয়-কুটুম্ব, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱৰ সৈতে আনন্দত উটি-ভাহি যোৱা  ৰঙৰ উৎসৱ ''ফাঁকুৱা'' । নানা  ৰঙৰ  সমাহাৰৰে  মানুহৰ  দেহ-মন  ৰঙাই তোলা এই ফল্গুৎসৱৰ বাবে যেন  মধ্য অসমৰ নগাঁৱৰ বিভিন্ন  প্ৰান্তত সকলো সাজু হৈ  উঠিছে । সদা ব্যস্ত নগাঁও চহৰৰ যান্ত্ৰিকতা আৰু ব্যস্ততাক  একাষৰীয়া  কৰি  অধিকাংশ লোকেই প্ৰতিবছৰে ফাগুন মাহৰ এই  ৰঙৰ উৎসৱত বিলীন হৈ পৰে ।

আনন্দ-উল্লাসৰ মাজেৰে বিভিন্নজনে ফাঁকুৱা উদ্‌যাপন কৰাৰ লগতে নগাঁও  চহৰৰ  কেতবোৰ স্থানত  হোলী গীত গাই একাংশ লোকে পৰম্পৰা ৰক্ষা কৰে তথা ৰাজপথত হাতে-হাতে ৰঙীন ফাঁকু লৈ যুৱক-যুৱতীসকল ফাঁকুৱাৰ  ৰঙত  মতলীয়া হৈ পৰে । ফাঁকুৱাক  আদৰিবলৈ সকলোৱে প্ৰস্তুতি অব্যাহত ৰখাৰ সময়ত ব্যস্ত হৈ পৰিছে নগঞা ব্যৱসায়ীসকল । বজাৰত ফাকু গুৰিৰ লগতে শিশুৰ বাবে ফিচকাৰি, টুপী, মুখা আদি বিভিন্ন সামগ্ৰীৰে  ভৰি পৰিছে নগাঁৱৰ বজাৰ ।

holi

পূৰ্বতে বজাৰত  ওলোৱা  বাহুৱলী ফিচকাৰি, ছোটা ভীম ফিচকাৰি, মোডী মাস্ক আৰু স্পাইডাৰমেন  মাস্ক  গ্ৰাহকৰ  বিশেষ  আকৰ্ষণ লাভ  কৰিছিল । কিন্তু  এইবাৰ  নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত  সলনি হৈছে নগাঁৱৰ  বজাৰৰ পৰিৱেশ । বজাৰত এতিয়া নিৰ্বাচনী চমক । গ্ৰাহকক আৰ্কষণ কৰিবলৈ ব্যবসায়ীয়ে বজাৰত উলিয়াইছে মোডী  টি-চাৰ্ট, মোডী ফিচকাৰি আৰু মোডী টুপীৰ লগতে অন্যান্য সামগ্ৰী ।

যাৰ  ফলত  ইয়াৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা  পৰিলক্ষিত হৈছে । বসন্তকালীন এই  উৎসৱৰ মাদকতা সুকীয়া । বহুতে কয় ফাকু খেলিলে জ্বৰৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰি । জনবিশ্বাস আছে যে ফাকুৰ ৰঙে বসন্ত ৰোগ প্ৰতিৰোধ কৰে। কথাটো অসত্য  নহয় । চিকিৎসকৰ মতে  ৰঙা  ৰঙৰ  ফাকুত  থকা  মাৰকিউৰিক  আয়'ব্ৰাইডৰ কিছুমান ৰোগৰ বীজাণু ধ্বংস কৰাৰ ক্ষমতা  থাকে । কিন্তু  বজাৰৰ ফাকুৱে এই ক্ষমতা কিমাননো বহন কৰে সেয়া বিচাৰ্য বিষয় ।

বজাৰত এতিয়া ভেজাল ফাকুহে বিক্ৰী হয় । নানা ৰাসায়নিক দ্ৰব্য মিহলি এই ভেজাল  ফাকুৱে উপকাৰ কৰাৰ  পৰিৱৰ্তে  অপকাৰহে কৰে ।এই  ফাকুৰ  পৰা  ছালত এলাৰ্জী হোৱাৰ লগতে চকুৰ বিস্তৰ ক্ষতি হয় । এলাৰ্জী হ'লে আক্ৰান্তজনে তৎক্ষণাত আক্ৰান্ত অংশটো ধুই পেলাব লাগে । সেয়া যিয়েই নহওক ফাকুৰ পৰা এই বিড়ম্বনা থাকিলেও ফাকু  খেলে মানুহৰ মনত যি আনন্দৰ প্ৰলেপ সানি দিয়ে তাৰ কোনো তুলনা নাই । মনৰ আনন্দ  ক্ষণিকৰ বাবে হ'লেও উদ্বেগ-অশান্তি নিৰ্মূল হয় "ফল্গুৎসৱ"ৰ সাৰ্থকতা  যেন ইয়াতেই ।

Your Comments