ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
ডবকা থানাৰ অন্তৰ্গত ভেলৌগুৰীত সংঘটিত এগৰাকী মহিলাৰ হত্যাত অভিযুক্তক আজি ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ যোৱা ১৪ মাৰ্চত ডবকা থানাৰ অন্তৰ্গত ভেলৌগুৰিত চুকীয়া গৌড় নামৰ এগৰাকী মহিলাৰ মৃতদেহ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ তলত উদ্ধাৰ হৈছিল৷ ডবকা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ৬৮/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ তদন্তত আজি হত্যাত অভিযুক্ত ৰামদয়াল গৌড় (২৫) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হত্যাত অভিযুক্ত ৰামদয়াল গৌড়ৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত তদন্ত অব্যাহত ৰাখিছে৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে চুকীয়া গৌড় নামৰ হত্যাৰ বলি হোৱা মহিলাগৰাকী হত্যাত অভিযুক্ত ৰামদয়াল গৌড়ৰ সম্পৰ্কীয় খুৰীয়েক৷
- Log in to post comments
- 7 views