নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত গোলাঘাটত বিক্ষোভ

 নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত গোলাঘাটত বিক্ষোভ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনসংযোগ বিভাগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত গোলাঘাট জিলা ছাত্ৰ সন্থাই আজি জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দুৰ্নীতি নিৰ্মূলকৰণ, শূন্য সহনশীলতাৰ কথা কোৱা ৰাজ্য চৰকাৰে কেৱল দলীয় ব্যক্তিৰ অঙহী-বঙহী, আৰএছএছৰ কৰ্মীক নিযুক্তি দিয়াৰ বিৰুদ্ধে শীঘ্ৰে চিবিআই তদন্তৰ দাবী তোলে ছাত্ৰ সংগঠনটিয়ে।

অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰে টকা খায় আদি শ্লোগানেৰে বহু সময় ধৰি বিক্ষোভ কাৰ্যসূচী পালন কৰে। আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল, সাধাৰণ সম্পাদক প্ৰিন্স দলে, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন আৰু সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনে।

Your Comments