নগাঁৱত 'সহায় ৰক্তদান সমিতি'ৰ ৰক্তদান শিবিৰ

নগাঁৱত 'সহায় ৰক্তদান সমিতি'ৰ ৰক্তদান শিবিৰ

জাজৰিৰ পৰা মানসজ্যোতি মহন্ত

"ৰক্তদান মহান দান"- এই মূলমন্ত্ৰকে সাৰথি কৰি ২০১৭ চনত প্ৰতিষ্ঠা লাভ কৰা সহায় ৰক্তদান সমিতিয়ে প্ৰতিষ্ঠা কালৰে পৰা অবিৰামভাৱে অসমৰ ৰাইজৰ সেৱা আগবঢ়াই আহিছে৷ সামাজিক মাধ্যমৰ অপব্যৱহাৰেৰে নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱা কথাটি খণ্ডন কৰি সমাজৰ কল্যাণৰ বাবে সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰেৰে সুসংগঠিত কাৰ্যকৰীৰূপ দিয়াৰ উৎকৃষ্ট দৃষ্টান্ত দাঙি ধৰিছে৷ প্ৰকৃত মানৱ সেৱাৰ সুফল এয়াই যে ব্যক্তিগতভাৱে চিনাকি নথকাকৈও অসমৰ বহুকেইখন জিলাৰ যুৱক-যুৱতীয়ে আৰ্তজনক ৰক্ত যোগান ধৰাৰ মহান ব্ৰতকে আধাৰ কৰি নিজৰ সেৱা আগবঢ়াই আহিছে৷ ইতিমধ্যে সমগ্ৰ অসমত তিনি শতাধিক কাৰ্যকৰী সদস্য আৰু ফেচবুকত প্ৰায় দহ হাজাৰৰো অধিক সদস্যৰে গঠিত সহায় ৰক্তদান সমিতিৰ পৰিয়ালটোৱেই তাৰ প্ৰমাণ দাঙি ধৰে৷ ১৮ মাৰ্চ তাৰিখে নগাঁও চহৰৰ মূল মজিয়াত অৱস্থিত ছহিদ ভৱনৰ সমীপতে সহায়, নগাঁৱৰ উদ্যোগত নগাঁও ছহিদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সহযোগিতাৰে আয়োজন কৰা হয় এক ৰক্তদান শিবিৰৰ৷

নগাঁৱত 'সহায় ৰক্তদান সমিতি'ৰ ৰক্তদান শিবিৰ

উক্ত শিবিৰৰ জৰিয়তেই নগাঁও ছহিদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ভ্ৰাম্যমাণ ৰক্তদান বাছৰো শুভাৰম্ভণি কৰা হয়৷ দিনটোত প্ৰায় শতাধিক ব্যক্তিয়ে স্বেচ্ছাই ৰক্তদানৰ বাবে পঞ্জীয়ন কৰে যদিও নিৰ্ধাৰিত সময় বিয়লি ৪ বজালৈ ৫৭গৰাকীয়ে ৰক্তদান কৰিবলৈ সক্ষম হয়৷ বাকীসকলৰ প্ৰত্যেককে অতি কম দিনৰ ভিতৰতে আগন্তুক শিবিৰত ৰক্তদান কৰিবলৈ ব্যক্তিগতভাৱে যোগাযোগ কৰা হ'ব বুলি আশ্বাস দিয়ে নগাঁও সহায় ৰক্তদান সমিতিৰ বিষয়ববীয়াসকলে৷ ইয়াৰ লগতে অসমৰ যিকোনো জিলাৰ ৰোগীৰ বাবে ৰক্তদাতাৰ প্ৰয়োজন হ'লে 'সহায়'ৰ লগত বিনাদ্বিধাই পোনপটীয়াকৈ ফেচবুক, ৱাটছ-এপ বা ফোনযোগে যোগাযোগ কৰিব পাৰিব বুলিও জনায় বিষয়ববীয়া সকলে৷

Your Comments