কাইলৈৰ পৰা বঙাইগাঁৱৰ শ্ৰীশ্ৰী ৰঘুনাথ প্ৰভুৰ মন্দিৰত আঠদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ

২০১মাৰ্চৰ১পৰা১বঙাইগাঁৱৰ১শ্ৰীশ্ৰী১ৰঘুনাথ১প্ৰভুৰ১মন্দিৰত১আঠদিনীয়া১কাৰ্যসূচীৰে১দৌল১উৎসৱ

বঙাইগাঁৱৰ পুৰণি বঙাইগাঁওস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰঘুনাথ প্ৰভুৰ মন্দিৰত কাইলৈৰ পৰা ২৭ মাৰ্চলৈকে আঠদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ দৌল উৎসৱ উদ্‌যাপিত হ'ব৷ উল্লেখ্য যে ৰঘুনাথ মন্দিৰত প্ৰতিবছৰে ৰাজ দৌল আৰু পঞ্চমী দৌল অনুষ্ঠিত হৈ আহিছে৷ কাৰ্যসূচী অনুসৰি ২০ মাৰ্চৰ সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিচত ৰাজ দৌল উৎসৱৰ অধিৱাসেৰে দৌল উৎসৱৰ আৰম্ভণি হ'ব৷ আনহাতে, ২১ মাৰ্চৰ পুৱাৰ ভাগত ধৰ্মীয় শোভাযাত্ৰা, পূজাৰ বেদীত গোঁসাই আৰোহণ, পূজা-অৰ্চনা, ভাগৱত পাঠ, নাম-কীৰ্তন আৰু সন্ধিয়া নাম-কীৰ্তন তথা নিশা শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কালিয়দমন' অংকীয়া ভাওনা প্ৰদৰ্শিত হ'ব৷ অংকীংয়া ভাওনা পৰিৱেশন কৰিব মঙলদৈৰ সংস্কৃতি সাধনা কলা কেন্দ্ৰই৷ সেইদৰে ২২ মাৰ্চৰ পুৱাৰ ভাগত পূজা-অৰ্চনা, ভাগৱত পাঠ, যোগীপাৰা নামতী দলৰ নাম আৰু সন্ধিয়া ডবা নাম আৰু ভাওনা প্ৰদৰ্শিত হ'ব৷

২০১মাৰ্চৰ১পৰা১বঙাইগাঁৱৰ১শ্ৰীশ্ৰী১ৰঘুনাথ১প্ৰভুৰ১মন্দিৰত১আঠদিনীয়া১কাৰ্যসূচীৰে১দৌল১উৎসৱ

২৩ মাৰ্চৰ পুৱাৰ ভাগত পূজা-অৰ্চনা, ভাগৱত পাঠ, নাম-কীৰ্তন আৰু আবেলি দেৱী ভাগৱতীৰ আদৰণি আৰু ৰাজ দৌলৰ সুৱেৰী, সন্ধিয়া নাম-কীৰ্তন আৰু নিশা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ ইপিনে ২৪ মাৰ্চৰ পুৱাৰ ভাগত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰু সন্ধিয়া ৰাজ দৌল উৎসৱৰ অধিবাস হ'ব৷ ২৫ মাৰ্চৰ পুৱাৰ ভাগত পূজা-অৰ্চনা, ভাগৱত পাঠ, নাম-কীৰ্তন, সন্ধিয়া ডবা নাম আৰু নিশা মাণিকপুৰৰ সমন্বয় মিনি থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন, ২৬ মাৰ্চৰ পুৱাৰ ভাগত পূজা-অৰ্চনা, ভাগৱত পাঠ, নাম-কীৰ্তন আৰু সন্ধিয়া খাৰাতাল, ২৭ মাৰ্চৰ পুৱাৰ ভাগত পূজা-অৰ্চনা, ভাগৱত পাঠ, নাম-কীৰ্তন আৰু আবেলি দেৱী ভাগৱতীৰ আদৰণি আৰু পঞ্চমী দেউলৰ সুৱেৰী আৰু নাম-কীৰ্তন পৰিৱেশিত হ'ব৷ ইতিমধ্যে দৌল উৎসৱৰ সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে উদ্‌যাপন সমিতিয়ে৷
 

Your Comments