কাইলৈৰ পৰা বটদ্ৰৱা থানত ৫দিনীয়া দৌল উৎসৱ

কাইলৈৰ পৰা বটদ্ৰৱা থানত ৫দিনীয়া দৌল উৎসৱ

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে যেন নতুন ৰূপ ধাৰণ কৰে। বসন্তকালত পালন কৰা উৎসৱসমূহৰ  ভিতৰত দৌল যাত্ৰা অন্যতম। জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে ২১ বছৰ বয়সত বটদ্ৰৱাত প্ৰথমবাৰৰ বাবে দৌল উৎসৱ  পাতিছিল৷ সেই ঐতিহ্যক সাৰোগত কৰি মহা আড়ম্বৰপূৰ্ণভাৱে প্ৰতিবছৰে দৌল উৎসৱ পালন কৰা হয়। চলিত বৰ্ষতো  অহা ২০ মাৰ্চৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰী বটদ্ৰৱা থানত দৌল উৎসৱৰ আয়োজন কৰা হৈছে।

কাইলৈৰ পৰা বটদ্ৰৱা থানত ৫দিনীয়া দৌল উৎসৱ

ইতিমধ্যে  শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তত্ত্বাৱধানত ১২খন উপ-সমিতি গঠন কৰা হৈছে। কাৰ্যসূচীৰ অংশৰূপে অহা ২১ মাৰ্চত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক (শ্ৰীকৃষ্ণৰ মূৰ্তি) গায়ন-বায়ন আৰু ভক্তসকলে গাই-বাই থানৰ উত্তৰ দিশত থকা  আকাশীগংগাৰ তীৰৰ এটি অস্থায়ী (গন্ধঘৰ) ঘৰলৈ নি বিধিনাশক মন্ত্ৰ উচ্চাৰণ কৰি পিছত গন্ধঘৰটো পুৰি গোসাঁইক  তাৰপৰা লৈ ৰভাতলীত স্থাপন কৰা হ'ব। স্নান কাৰ্য সম্পাদনৰ পিছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতুন বস্ত্ৰ পিন্ধোৱা হ'ব আৰু গায়ন-বায়নে ''ৰাম ধেমালি" পৰিবেশন কৰিব। ২১ মাৰ্চত "গোসাইঁৰ মূৰত ফাঁকু দিয়া উৎসৱ"ৰ   সন্ধ্যা গোসাঁইক নোৱাই-ধুৱাই আসনত বহুৱাই ফাঁকু দিয়া হ'ব আৰু গায়ন-বায়নে "ন-ধেমালি" পৰিবেশন কৰিব।

কাইলৈৰ পৰা বটদ্ৰৱা থানত ৫দিনীয়া দৌল উৎসৱ

২৩ মাৰ্চত হ'ব গোসাঁই ফুৰোৱা উৎসৱ। দৌল মন্দিৰত গোসাঁইক পূজা-অৰ্চনা দি প্ৰদক্ষিণ কৰাৰ পিছত গোসাঁইক বটদ্ৰৱাৰ   শ্ৰীশ্ৰী নৰোৱা সত্র আৰু শ্ৰীশ্ৰী শ'লগুৰি সত্ৰত প্ৰদক্ষিণ কৰি নিশা দুৱাৰ ধৰা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্ত্তন ঘৰত  প্ৰৱেশ কৰোৱাৰ পিছত উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব। উল্লেখযোগ্য যে উৎসৱৰ লগত সংগতি ৰাখি ২১, ২২ আৰু ২৩ মাৰ্চৰ নিশা আকাশীগংগাৰ পাৰৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই তিনিও নিশা ৰাজ্যৰ  বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত সত্ৰীয়া, লোকনৃত্য, লোক সংগীত, ভাওনা আদি অনুষ্ঠানৰে মুখৰ হ'ব বুলি উদোক্তাসকলে  জনাইছে।
 

Your Comments