মোৰাঝাৰৰ লায়েক উদ্দিন হত্যাকাণ্ডৰ ৰায়দান : ৩জনক দোষী সাব্যস্ত

222

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

২০১৬ চনৰ ১৩ মাৰ্চত হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত চাৱাজপুৰত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছিল৷ এদল লোকে চোকা অস্ত্ৰৰে হানি হত্যা কৰিছিল লায়েক উদ্দিন নামৰ এজন লোকক৷ আজি সেই হত্যাকাণ্ডৰ ৰায়দান কৰে আদালতে৷ আদালতে ৩জন লোকক এই হত্যকাণ্ডত জড়িত থকাৰ সাক্ষ্য-প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰে৷ বাতৰি অনুসৰি লায়েক উদ্দিনৰ হত্যাৰ পিছত ঘটনা সম্পৰ্কত নিহত লায়েক উদ্দিনৰ পিতৃয়ে মোৰাঝাৰ আৰক্ষী থানাত ৭জন লোকক অভিযুক্ত কৰি এখন এজাহাৰ দাখিল কৰিছিল৷ সেই এজাহাৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে ৩৫/১৬ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৩০২ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰে৷ তদন্তৰ অন্তত আদালতত এক শক্তিশালী চাৰ্জশ্বীট দাখিল কৰে৷

শংকৰদেৱ নগৰস্থিত অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত ছেছন নম্বৰ ৩৬/১৬ নম্বৰত গোচৰটোৰ শুনানি চলে৷ শুনানি প্ৰক্ৰিয়াৰ অন্তত হোজাই শংকৰদেৱ নগৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ এন এছ দেউৰীৰ আদালতে আজি মোৰাঝাৰ কঁপাই যোৱা হত্যাকাণ্ডটোৰ ৰায়দান প্ৰদান কৰে৷ আদালতে হত্যাত অভিযুক্ত চাদ্দাম হুছেইন, ইছলাম উদ্দিন, শ্বৰীফ উদ্দিনক দোষী সাব্যস্ত কৰে৷ অৱশ্যে আদালতে ২৫ মাৰ্চত অভিযুক্তৰ শাস্তিৰ ৰায় ঘোষণা কৰিব৷ আদালতত চৰকাৰী পক্ষ অৰ্থাৎ ভুক্তভোগীৰ হৈ লোক অধিবক্তা অমৰজ্যোতি শইকীয়াই যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে অভিযুক্তসকলৰ হৈ যুক্তি দৰ্শাইছিল ৰাজেশ কুমাৰ আগৰৱালাই৷ এই ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰে নিহত লায়েক উদ্দিনৰ আত্মীয়-স্বজনে৷

Your Comments