গোলাঘাটত টাইফয়ডৰ প্ৰাদুৰ্ভাৱ

গোলাঘাটত টাইফয়ডৰ পাদুৰ্ভাৱ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

চুলাই ট্ৰেজেডীৰ সমান্তৰালকৈ পুনৰ এক আতংকই বিৰাজ কৰিছে গোলাঘাট চহৰত। বিগত কিছুদিনৰ পৰা চহৰখনৰ বেঙেনাখোৱা, চন্দন নগৰ, চান্দমাৰী, তপন নগৰ আদি অঞ্চলসমূহত বহু লোক আক্ৰান্ত হৈছে টাইফয়ড ৰোগত। তথ্যভিত্তিত জানিব পৰামতে, ইতিমধ্যে ল'ৰা-ছোৱালীকে ধৰি প্ৰায় ৩২জন ৰোগী এই ৰোগত আক্ৰান্ত হৈ গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰোপৰি প্ৰায় শতাধিক লোক জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। তেনেক্ষেত্ৰত প্ৰশাসনে অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰিলে এই ৰোগে মহামাৰী ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Your Comments