নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ইতিহাস প্ৰসিদ্ধ জামুগুৰি গাঁৱৰ সাৰ্বজনীন গৰখীয়া থানত ১৯৯৩ চনৰ পৰা উদ্যাপন কৰি অহা দৌল উৎসৱে যোৱাবছৰ ৰূপালী জয়ন্তী মহোৎসৱ গৰকি এইবাৰ ২৬সংখ্যক বৰ্ষত উপনীত হৈছে। অহা ২০ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে দৌল উৎসৱৰ ব্যাপক আয়োজন কৰা হৈছে বুলি উদ্যাপন সমিতিৰ সভাপতি গম্ভীৰ নাথ আৰু সম্পাদকদ্বয় ৰোহিত চন্দ্ৰ নাথ আৰু প্ৰদীপ কুমাৰ নাথে জানিবলৈ দিছে। বিস্তৃত কাৰ্যসূচী অনুসৰি ২০ মাৰ্চত পুৱা স্বচ্ছতা অভিযান আৰু পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, শৰাই-সঁফুৰা গ্ৰহণ, মধ্যাহ্ন প্ৰসঙ্গ আৰু কীৰ্তন পাঠ।
বিয়লি ১ বজাৰ পৰা আইসকলৰ নাম পৰিবেশন, প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, সমূহীয়া বন্তি প্ৰজ্বলন আৰু মংগল ধ্বনি, সন্ধ্যা প্ৰসঙ্গ আৰু কীৰ্তন পাঠ, বৰ ধেমালি আৰু নিশালৈ ভক্তিমূলক গীতৰ নৃত্যানুষ্ঠান অনুষ্ঠিত হ'ব। ২১ মাৰ্চৰ পুৱা মণিকূট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলন, গন্ধ বাদন, অঞ্চলৰ ২৫টা নামঘৰৰ পৰা এভাগকৈ ধৰ্মধ্বজা আৰু এভাগকৈ জল কলচী লৈ গৰখীয়া থানলৈ যাত্ৰা আৰম্ভ। তাৰপিছত ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পন, গোঁসাই স্নান আৰু দৌল প্ৰতিষ্ঠা, কীৰ্তন পাঠ, খোল প্ৰসঙ্গ আৰু নাম কীৰ্তন, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি আদি।
বিয়লি আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিৱেশন, "যুগধৰ্ম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৃষ্টীভংগী" শীৰ্ষক আলোচনা চক্ৰ। সন্ধ্যা বন্তি প্ৰজ্বলন আৰু সন্ধ্যা প্ৰসঙ্গ, যোৰা ধেমালি, শৈক্ষিক বটাঁ প্ৰদান, নিশা আমন্ত্ৰিত মহিলা শিল্পীৰ দ্বাৰা "কেলি গোপাল" অঙ্কীয়া ভাওনা প্ৰদৰ্শন হ'ব। ২২ মাৰ্চত পুৱা স্বচ্ছতা আৰু পৰিৱেশ নিকাকৰণ, পবিত্ৰ হোলী খেলা, কীৰ্তন পাঠ আৰু খোল প্ৰসঙ্গৰ পিছতেই দুপৰীয়া নামতি দলৰ নাম পৰিৱেশন, বিয়লি ৪ বজাত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান, সন্ধ্যা বন্তি প্ৰজ্বলন আৰু যোৰা ধেমালি, নিশালৈ অঞ্চলৰ শিল্পীসকলৰ দ্বাৰা "বিশ্ব ৰূপ দৰ্শন" ভাওনা অনুষ্ঠিত হ'ব।
২৩ মাৰ্চত পুৱা স্বচ্ছতা আৰু পৰিৱেশ নিকাকৰণ, ময়ূৰপঙ্খী ৰথত দৌল গোবিন্দ গোঁসাই ভ্ৰমণ, দুপৰীয়া কীৰ্তন পাঠ আৰু নাম প্ৰসঙ্গ, বিয়লি ২ বজাত অঞ্চলৰ মহিলাসকলৰ দ্বাৰা মুকলি নাম প্ৰদৰ্শন, নিশালৈ সামাজিক নাট পৰিৱেশনৰ লগতে নিশা ১২ বজাত ধৰ্মধ্বজা অৱনমনেৰে দৌল উৎসৱৰ সামৰণি পৰিব।
ইফালে, ৰহাৰ হাৰিয়ামুখ দিহিং সত্ৰত বুধবাৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীশ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ। ইয়াকে লৈ সত্ৰখনত চলিছে ব্যাপক প্ৰস্তুতি। ২০ মাৰ্চত মেষদাহ কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া অনুষ্ঠানৰ প্ৰতিদিনেই চলিব নাম প্ৰসংগ, ভাগৱত পাঠ আদি ধৰ্মীয় কাৰ্যসূচী। ইপিনে দৌল যাত্ৰা উপলক্ষে ২৩ মাৰ্চৰ নিশা দীঘলদৰিৰ মহিলাসকলে সত্ৰখনতে পৰিবেশন কৰিব "দ্ৰৌপদীৰ বেণু বন্ধন" নামৰ অংকীয়া ভাওনা। ভাওনাখনক লৈ মহিলাসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে৷ ভাওনাখন উদ্বোধন কৰিব নগাঁও জিলাৰ অনুসূচিত জাতি বোৰ্ডৰ অধ্যক্ষ তথা কংগ্ৰেছ নেতা দীপ দাসে৷
- Log in to post comments
- 34 views