আগিয়াৰ পৰা উৎপল ৰাভা
গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মালাধৰা গাঁৱৰ এগৰাকী জনজাতীয় মহিলাক আগিয়া থানাৰ অন্তৰ্গত দোৰাপাৰা গাঁৱৰ অজিত নাথ ওৰফে অজয় নাথ নামৰ লম্পট গ্ৰামসেৱক এজনে ধৰ্ষণ কৰি বৰ্তমান অভিযুক্ত গ্ৰামসেৱকজন পলাতক হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে৷ ঘটনা সংক্ৰান্তত ভুক্তোভোগী পৰিয়ালে আগিয়া থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয় বৰ্তমানলৈ অভিযুক্ত গ্ৰামসেৱকজনক আটক কৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷
শেহতীয়াভাৱে পোহৰলৈ অহা ঘটনাৰ বিৱৰণী অনুসৰি, নিজ কন্যা হাইস্কুল শীক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা হেতুকে মালাধৰাৰ জনজাতীয় মহিলাগৰাকীয়ে নিজৰ ছোৱালীৰ সৈতে আগিয়া দোৰাপাৰা গাঁৱৰ গ্ৰামসেৱক অজিত নাথ ওৰফে অজয় নাথৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল৷ লম্পট গ্ৰামসেৱকজনে প্ৰথমে যোৱা ১৩ জানুৱাৰীত আৰু দ্বিতীয়বাৰ যোৱা ২৬ ফেব্ৰুৱাৰী নিশা নিজ পত্নী ঘৰত নথকাৰ সুযোগ লৈ উপৰ্যুপৰি মহিলাগৰাকীক ধৰ্ষণ কৰে৷
লগতে ঘটনাটো বাহিৰত প্ৰকাশ কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে৷ প্ৰথম অৱস্হাত মহিলাগৰাকীয়ে প্ৰাণৰ ভয়ত ঘটনাটো বাহিৰত প্ৰকাশ কৰা নাছিল যদিও উপায়হীন হৈ যোৱা ৫ মাৰ্চ তাৰিখে লম্পট গ্ৰামসেৱক অজিত নাথ ওৰফে অজয় নাথৰ বিৰুদ্ধে আগিয়া থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আগিয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৫০৬ নং ধাৰাৰ অধীনত ৭২/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে৷ ইপিনে প্ৰায় দুসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয় অভিযুক্ত গ্ৰামসেৱকজনক আটক কৰিব পৰা নাই৷ লম্পট গ্ৰামসেৱক অজিত নাথ বৰ্তমান পলাতক বুলি আগিয়া আৰক্ষীয়ে আজি প্ৰকাশ কৰে৷
- Log in to post comments
- 28 views