নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ খাটগুৰিত যোৱা ১৫ মাৰ্চৰ পৰা আয়োজিত দ্বাদশ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যাৰ দেওবাৰে সামৰণি পৰে । খাটগুৰি বেবেজীয়া ভক্তপ্ৰাণ ৰাইজৰ সহযোগত নামঘৰত পৰম ব্ৰহ্ম পৰমেশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণেৰে আয়োজিত ভাগৱত পাঠ আৰু বাখ্যাৰ কাৰ্যসূচীৰ অংশ হিচাপে ১৫ মাৰ্চৰ পুৱা মণিৰাম বৰদলৈ(বায়ন)আৰু তেখেতৰ সংগীবৃন্দৰদ্বাৰা ঊষা কীৰ্তন তথা খোল প্ৰসংগ কৰাৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ উপ-সভাপতি শনিৰাম বৰদলৈয়ে ।
ইয়াৰ পাছতে নামচাৰ্য সুৰেন্দ্ৰ বৰদলৈৰ দ্বাৰা নাম প্ৰসংগ কৰা হয় । দুপৰীয়া ১১ বজাত ভাগৱত পাঠৰ উদ্বোধন কৰে সমাজকৰ্মী মহেশ্বৰ ভূঞা আৰু ব্যাখ্যাৰ উদ্বোধন কৰে সোমেশ্বৰ দেউৰীয়ে । উল্লেখ্য যে ভাগৱত পাঠ-ব্যাখ্যাৰ মুকলি কৰে বিনন্দ চন্দ্ৰ বৰদলৈ, বিৰাজ বৰুৱা, মণিৰাম বৰদলৈ, চন্দ্ৰকান্ত ডেকা তথা গুৰু প্ৰসাদ বৰদলৈয়ে । ব্যৱস্থাপনাত থাকে বুদ্ধেশ্বৰ বৰদলৈ আৰু মমীন বৰদলৈ । তিনিদিনীয়াকৈ আয়োজিত এই পাঠ আৰু বাখ্যাত দীপক বৰা, মাধব বৰুৱা, সুৰেশ বৰদলৈ, মিনু বৰুৱা, মমীন বৰদলৈ, তিলক বৰদলৈ, সুৰেশ বৰদলৈ, ৰাতুল শইকীয়া, সোণমণি বৰা, ভোগেশ্বৰ শইকীয়া, ধেনুৰাম দাস আৰু ভবেন দাসে ভাগৱত পাঠ কৰে ।
সন্ধ্যা নামঘৰ প্ৰাংগনত সমূহীয়া বন্তি প্ৰজ্বলন কৰা হয় । ১৬ মাৰ্চত নিৰন্তৰ ভাগৱত পাঠ-ব্যাখ্যাৰ অব্যাহত থাকি ১৭ মাৰ্চত সামৰণি পৰে । ইয়াৰ পাছতে খাটগুৰি বেবেজীয়া নামঘৰৰ নামঘৰীয়া বুদ্ধেশ্বৰ বৰদলৈয়ে ভাগৱত শিৰত লৈ শোভাযাত্ৰাৰে অঞ্চল পৰিভ্ৰমণ কৰে ভক্তপ্ৰাণ ৰাইজে ।
শোভাযাত্ৰাত কৃষ্ণদেৱ কল্পতৰু হৃদয়ৰ প্ৰিয় গুৰু/উচ্চ-নীচ নাহিকে যাহাৰ/সত্বগুণে সত্য দয়া সমধৰ্ম/সত্যযাৰ হৰি বশ্য তাৰ আদি হৰিনামৰ ধ্বনিৰে বৃহত্তৰ বেবেজীয়া অঞ্চলৰ মুখৰিত কৰি তোলে।ভাগৱত শোভাযাত্ৰাৰ অন্তত দিহানাম পৰিৱেশন, সমূহীয়া প্ৰাৰ্থনা, ভকত বিদায় আৰু ধৰ্মধ্বজা অৱনমিতৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় বুলি উদযাপন সমিতিৰ সম্পাদক নকুল সেনাপতিয়ে জনাইছে ।
- Log in to post comments
- 25 views