দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আৰক্ষী জোৱানৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

দুৰ্ঘটনাত১গুৰুতৰভাৱে১আহত১আৰক্ষী১জোৱানৰ১চিকিৎসাধীন১অৱস্থাত১মৃত্যু

চিৰাং জিলা আৰক্ষীৰ কাজলগাঁৱত কৰ্মৰত মেছেঞ্জাৰ (ডাকোৱাল) বিপুল ৰায় (৪৩)ৰ আজি আবেলি ৪.১০ বজাত বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু ঘটে ৷ উল্লেখ্য যে চিৰাং জিলা আৰক্ষীৰ সদৰ কাজলগাঁৱত কৰ্মৰত বিপুল ৰায়ে দেওবাৰে নিশা ১০মান বজাত বাইক এখনেৰে কাজলগাঁৱৰ পৰা বিজনী চহৰত মহকুমাৰ ডাক লৈ গৈ থকা সময়ত ছাপাগুৰিৰ ছেণ্ট আগষ্টাইন চিকিৎসালয়ৰ সন্মুখত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীয়ে পাছফালৰ পৰা খুন্দিয়াই পলায়ন কৰে ৷ ফলত আৰক্ষী জোৱান বিপুল ৰায়ৰ ভৰি ভঙাৰ লগতে বুকুত আঘাতপ্ৰাপ্ত হয় ৷

ঘটনাৰ পাছত আহত আৰক্ষী জোৱানজনক বঙাইগাঁৱৰ ল'ৱাৰ আছাম হাস্পাতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰত ভৰ্তি কৰোৱা হয় যদিও আজি চিকিৎসাধীন অৱস্থাতে বিপুল ৰায়ৰ মৃত্যু ঘটে ৷ বিগত ১৯৯৬ চনত আৰক্ষী বিভাগত যোগদান কৰা বিপুল ৰায়ে সিদিনা কাজলগাঁৱৰ পৰা বিজনীত ডাক বিলাই মাণিকপুৰ আওলাগুৰিৰ ঘৰলৈ যোৱাৰ কথা আছিল ৷ মৃত্যুৰ সময়ত আৰক্ষী জোৱান বিপুল ৰায়ে পত্নী, দুগৰাকী কন্যা-পুত্ৰ সন্তানসহ আত্মীয়-স্বজন, বন্ধু-বান্ধৱক ইহসংসাৰত এৰি যায় ৷ শান্ত, অমায়িক স্বভাৱৰ বিপুল ৰায়ৰ মৃত্যুত কাজলগাঁৱত আৰক্ষী মহলত শোকৰ ছাঁ পৰাৰ লগতে আওলাগুৰি গাঁৱতো শোকৰ ছাঁ পৰিছে ৷

Your Comments