
গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আজি বিয়লি ৩ বজাত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় ধঁপাত বিৰোধী সজাগতা সভা। জিলাখনৰ সাংবাদিকসকলৰ উপস্থিতিত আৰু গোলাঘাট জিলা ধঁপাত নিয়ন্ত্ৰণ চেলৰ নডেল বিষয়া ডঃ সুনিতা এক্কাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিষয়াগৰাকীয়ে ধঁপাত ব্যৱহাৰৰ ফলত হ'ব পৰা হৃদযন্ত্ৰৰ ৰোগ, পেটত পাথৰ হোৱা, ওঠৰ কৰ্কট ৰোগ, হাঁওফাঁওৰ কেন্সাৰৰ দৰে মৰাত্মক ৰোগৰ বিষয়ে জ্ঞাত কৰে। লগতে পজেকশ্যন প্ৰক্ৰিয়াৰ যোগেদি ধঁপাত উৎপাদন, ইয়াৰ কুফল সম্পৰ্কে অৱগত কৰে।
- Log in to post comments
- 8 views