শিলচৰৰ পৰা বিক্রম দাস
জনস্বাস্থ্য কাৰিকৰী বিভাগ থকা সত্ত্বেও বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে উদাৰবন্দ বিধানসভা সমষ্টিৰ অন্তর্গত ঝাপিৰবন্দৰ বাসিন্দাসকল। খোৱাপানী সমস্যা সমাধানৰ বাবে সোমবাৰে কাছাৰ জিলা প্ৰশাসনক এক স্মাৰক-পত্র প্রদান কৰে ঝাপিৰবন্দ অঞ্চলৰ বাসিন্দাসকলে। স্মাৰক-পত্রত উল্লেখ কৰামতে, ঝাপিৰবন্দ অঞ্চলৰ মানুহৰ খোৱাপানীসহ দৈনন্দিন কামৰ বাবে ব্যৱহাৰৰ বাবে একমাত্র উৎস হ'ল নলা। গাঁৱৰ মাজেদি ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ বাবে গাছসমূহ কাটি পেলোৱাৰ ফলত শুকান বতৰত নলাৰ পানীও শুকাই যায়। ইয়াৰ ফলত সমস্যাৰ সম্মুখীন হৈছে অঞ্চলটোৰ বাসিন্দাসকল।
স্মাৰক-পত্রত অভিযোগ কৰামতে, অঞ্চলটোত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাৰ বাবে চৰকাৰৰ পৰা এটি পিএচই নির্মাণ কৰা হৈছেল৷ কিন্তু বিগত এটা বছৰ ধৰি এই পিএইচইৰ পৰা অঞ্চলবাসীৰ বাবে পানী সৰবৰাহ কৰা হোৱা নাই। বিশুদ্ধ খোৱাপানী ব্যৱহাৰ নকৰাৰ ফলত অঞ্চলটোৰ বাসিন্দাসকল জণ্ডিছ, ডায়েৰিয়া প্রভৃতি ৰোগত ভুগি আহিছে। সেয়েহে বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে কাছাৰ জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে অঞ্চলবাসীয়ে। স্মাৰক-পত্র প্রদান কৰে অঞ্চলবাসীৰ হৈ আইনুল হক লস্কৰ, মৌলানা চামছুল আলম, মাণিক বৰভূঞা প্রমুখ্যে ব্যক্তিসকলে।
- Log in to post comments
- 9 views