উদাৰবন্দত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভিডিপি সচিবৰ সৈতে আৰক্ষী প্ৰশাসনৰ সভা

উদাৰবন্দত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভিডিপি সচিবৰ সৈতে আৰক্ষী প্ৰশাসনৰ সভা

উদাৰবন্দৰ পৰা বিক্ৰম দাস

লোকসভা নির্বাচন সুস্থ আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত উদাৰবন্দৰ বিভিন্ন এলাকাত ভিডিপি সচিবসকলৰ সৈতে উদাৰবন্দ আৰক্ষী প্ৰশাসনৰ এক সভা অনুষ্ঠিত হয়। শনিবাৰে দিনৰ ১১ বজাত ভিডিপি হলত অনুষ্ঠিত সভাত বক্তব্য ৰাখি উদাৰবন্দ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসিত সূত্রধৰে কয়, আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে প্রশাসনৰ ফালৰ পৰা এই সভাৰ আয়োজন কৰা হৈছে। নির্বাচন যাতে সুস্থভাৱে সম্পন্ন হয় তাৰবাবে নির্বাচন আয়োগৰ নির্দেশত সমাজত অশান্তি সৃষ্টিকাৰীসকলক চিহ্নিত কৰি তেওঁলোকৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণৰ লগতে মদ আৰু চুলাইৰ বিৰুদ্ধেও অভিযান চলোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰি যাৰ ঘৰত অনুজ্ঞাপ্ৰাপ্ত বন্দুক আছে সেইসমূহ একসপ্তাহৰ ভিতৰত থানাত জমা দিবলৈও নির্দেশ প্ৰদান কৰে। তেওঁ লগতে উল্লেখ কৰে যে যিহেতু এইবাৰ ভোটগণনা ঝাপিৰবন্দৰ নেট্রিপত অনুষ্ঠিত হ'ব, সেয়েহে উদাৰবন্দৰ আৰক্ষী প্রশাসনৰ দায়িত্বও যথেষ্ট বাঢ়িব৷ কিন্তু উদাৰবন্দ থানাত পর্যাপ্ত আৰক্ষী নথকাত বর্তমানেও বিভিন্ন ক্ষেত্রত সমস‍্যাৰ সন্মুখীন হৈ আহিছে৷ নির্বাচনৰ সময়ত এই সমস্যা আৰু বৃদ্ধি পাব বুলি আশঙ্কা প্রকাশ কৰি নির্বাচন প্রক্রিয়াৰ পৰা আৰম্ভ কৰি গণনা পর্যন্ত যাতে সুস্থভাৱে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰা যায় তাৰবাবে ভিডিপি সচিবসকলৰ সহযোগিতা তেওঁ কামনা কৰে।  সভাত উপস্থিত থাকে ডেপুটী এডভাইজাৰ আশিস হালদাৰ, চি অ' বিডিঅ' ৰেবুল হুছেইন বৰভূঞা, ৰঞ্জিত দাস, চইফুল হক বৰভূঞা প্রমুখ্যে বিষয়াসকল।

Your Comments