উদাৰবন্দৰ শিল ব্যৱসায়ী শঙ্কৰ ৰয়ৰ ঘৰত আয়কৰ বিভাগৰ তালাচী : কোটি টকা জব্দৰ সন্দেহ

উদাৰবন্দৰ শিল ব্যৱসায়ী শঙ্কৰ ৰয়ৰ ঘৰত আয়কৰ বিভাগৰ তালাচী : কোটি টকা জব্দৰ সন্দেহ

বিশেষ প্ৰতিবেদক, উদাৰবন্দ

আয়কৰ বিভাগৰ ৰোষত পৰিল উদাৰবন্দৰ শিল ব্যৱসায়ী শঙ্কৰ ৰয়। শুকুৰবাৰে পুৱাৰ পৰা পুৱতি নিশা পৰ্যন্ত নিৰৱচ্ছিন্নভাৱে ৰায়ৰ কাঁচাকান্তি মন্দিৰ ৰোডৰ ঘৰত আয়কৰ বিভাগৰ এটি দলে তালাচী অভিযান চলায়। বিভাগৰ শ্বিলঙৰ পৰা অহা এটি দলে এই অভিযানৰ নেতৃত্ব দিয়া বুলি খবৰ লাভ কৰা হৈছে। অৱশ্যে অভিযানত বিসঙ্গতিপূর্ণ কিবা তথ্য পোৱা গৈছে নে নাই সেই বিষয়ে স্পষ্টভাৱে জানিব পৰা নাই। আনহাতে, তালাচীৰ পিছত শঙ্কৰ ৰয়ৰ মন্তব্য- এয়া এক ৰুটিন মাফিক কাম। উল্লেখ্য যে আয়কৰ বিভাগে তেওঁৰ যথেষ্টসংখ্যক নথিপত্ৰৰ প্রতিলিপি পৰীক্ষা কৰে।

সেইসমূহ তেওঁ বুজাই দিয়া বুলি জনায়৷ ৰয়ৰ ঘৰৰ উপৰি ব্যৱসায়িক প্রতিষ্ঠান তথা কাৰ্যালয়তো তালাচী চলোৱাৰ যি খবৰ ওলাইছিল, তাক তেওঁ অস্বীকাৰ কৰে। অৱশ্যে এক গোপন সূত্ৰত জানিব পৰা মতে এই তালাচীৰ সময়ত ৰয়ৰ ঘৰৰ পৰা কোটিৰো অধিক নগদ ধন জব্দ কৰা হৈছে৷ প্রসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে উদাৰবন্দৰ শঙ্কৰ ৰয় শিলৰ লগতে অন্য বহু ব্যৱসায়ৰ লগত জড়িত৷ তেওঁ আছিল প্রাক্তন মন্ত্রী গৌতম ৰয় আৰু অজিত সিঙৰ  ঘনিষ্ঠ। কিন্তু কেন্দ্র-ৰাজ্যত চৰকাৰ পৰিৱর্তন হোৱাৰ লগে লগে শঙ্কৰে ৰয়েও আনুগত্য সলনি কৰা বুলি খবৰ ওলাইছিল।

উদাৰবন্দৰ শিল ব্যৱসায়ী শঙ্কৰ ৰয়ৰ ঘৰত আয়কৰ বিভাগৰ তালাচী : কোটি টকা জব্দৰ সন্দেহ

উদাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোমকে তেওঁ নৈতিক সমৰ্থন আগবঢ়াই আহিছিল বুলিও বিভিন্ন মহলত গুজৱ চলে। উল্লেখ্য যে প্রতি বছৰে উদাৰবন্দৰ বিশাল আৰু ব্যয়বহুল যি দুর্গাপূজা অনুষ্ঠিত হয় তাৰো নেতৃত্ব বহন কৰি আহিছে শঙ্কৰ ৰয়ে। স্বাভাৱিকতে এনে এগৰাকী লোকৰ ঘৰত আয়কৰ বিভাগৰ তালাচীক লৈ ৰাজনৈতিক মহলত উৎসুকতা বাঢ়িছে৷ তেওঁ শাসক শিবিৰৰ অপ্ৰিয়ভাজন কিম্বা পুৰণি বন্ধুৰ প্ৰতিশোধৰ বলি হৈছে নেকি সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপিত হৈছে।

আয়কৰ তালাচীৰ নেপথ্যত বহুক কিবা থাকিলেও আয়কৰ বিভাগ বা শঙ্কৰ ৰয় কোনেও কিন্তু এই বিষয়ত মুখ খোলাৰ মুডত নাই। সেয়েহে বহুতো এইটোও আশংকা কৰিছে যে এই তালাচীত হয়তো বহুতো আপত্তিজনক নথি উদ্ধাৰ হৈছে, যিসমূহ বহুতো ৰাজনৈতিক নেতাৰ মূৰৰ কামোৰণি স্বৰূপ হ'ব পাৰে। আন এ কপ্ৰাপ্ত খবৰ মতে, বিগত এটা বছৰত তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত যথেষ্ট পৰিমা ণৰমাটি ক্ৰয় কৰিছে। পৎ্জীয়ন নথিত তাৰ মূল্য কম দেখালেও বাস্তৱত কিন্তু তাৰ মূল্য অনেক গুণ বেছি বুলি চৰ্চা চলিছে৷ 


 

Your Comments